নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৮৪৯ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৮৪৯ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩২৭৭০টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৪০৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৬৩৩ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৭২ গৰাকী যোৰহাটৰ, ১২০গৰাকী লক্ষীমপুৰৰ, ২০১গৰাকী ডিব্ৰুগড়ৰ ৷ আক্ৰান্তৰ হাৰ ৭.৩৫শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৪৬৫৭৫ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৯১৮০গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,১৬৯০০ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৪৯২গৰাকীলৈ বৃদ্ধি পালে।
📌 Discharge Alert
1⃣8⃣4⃣9⃣ patients discharged today.
I request all recovered patients to take care of their health properly. Best wishes to them and their families 💐
😊Total Discharged Patients: 116900
😑Active Patients: 2918010 PM/Sept 15#AssamFightsCovid pic.twitter.com/Oyt7q1HHjQ
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 15, 2020