ক’ৰোনাৰ ফলত মানসিক চাপ আৰু মন বেয়াৰ হাতত ধৰিয়েই অন্য ৰোগ যে আহি হাজিৰ হ’ব, তাক লৈ কোনো সন্দেহ নাই। কি কি হ’ব পাৰে বাৰু? আহক জানি লওঁ :
দুশ্চিন্তাত কি ৰোগ বাঢ়িব পাৰে?
• উদ্বেগ বাঢ়িলে বহুতে যি মন যায় তাকে খাবলৈ আৰম্ভ কৰে, শুই-বহি থাকে, নিচা কৰে। তাৰ হাত ধৰিয়েই বাঢ়ে ওজন আৰু ওজনৰ সৈতে সম্পর্কিত অসুখ-বিসুখৰ আশঙ্কা৷ লগতে অন্য ৰোগ থাকিলে বাঢ়ে তাৰ প্রকোপ। যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাই কলেষ্টেৰল, ফেটি লিভাৰ, হৃদৰোগ, গাঁথিৰ বিষ ইত্যাদি৷
• মানসিক চাপৰ সৈতে পোনপটীয়া সংযোগ আছে ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ। অনিদ্রা, খিংখিঙীয়া স্বভাৱৰ সম্পর্ক আছে মানসিক চাপৰ লগত। সকলো মিলি জীৱন বিপর্যস্ত হয় আৰু তাৰ ফলতে কমে ৰোগ প্রতিৰোধ ক্ষমতা। বাঢ়ে সংক্রমণৰ আশঙ্কা।
• নিৰন্তৰ উদ্বেগত বদহজম বাঢ়ে। চিকিৎসা নকৰিলে আৰু বৃদ্ধি পায়।
• ঋতুস্রাৱ অনিয়মিত হোৱাৰ মূলতো উদ্বেগৰ হাত আছে।
সেয়েহে :
দুশ্চিন্তা কৰি যিহেতু ক’ৰোনাক খেদিব নোৱাৰে, সেয়ে দুশ্চিন্তাকেই খেদাৰ চেষ্টা কৰক। কলকাতাৰ বিখ্যাত মনোৰোগ চিকিৎসক শিলাদিত্য মুখাৰ্জীৰ মত, “চাপক চাপৰ দৰে থাকিব দিয়ক। নিজে সামান্য কেইটামান নিয়ম মানি চলক, দেখিব মূল সমস্যা সমাধান নহ’লেও আপোনাৰ ওপৰত তাৰ প্রভাৱ কম পৰিছে।”
জীৱন-যাপনৰ এইবোৰ নিয়ম মানি চলক :
• ‘নতুন স্বাভাৱিক জীবন’ক মানি লওক। যিমান সোনকালে মানিব পাৰি, সিমানে ভালে থাকিব।
• মন পাতল কৰাৰ নতুন পথ বিচাৰক। কিতাপ পঢ়াই হওক বা গান শুনা, ঘৰত বহি চিনেমা চোৱা বা লঘু ব্যায়াম কৰা- যিকোনো পথ বাছি লওক। যোগাসন আৰু মেডিটেচনৰ অভ্যাসতো মন পাতল হয়।
• টিভিত বা মোবাইলত লঘু অনুষ্ঠান উপভোগ কৰক। হাস্যমধুৰ অনুষ্ঠান চালে আৰু ভাল।
• ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু ওবেচিটি থাকিলে নিয়ম মতে ব্যায়াম কৰক।
• খোৱাত লেকাম লগাওক। ডায়েবেটিছ আৰু মেদ বাহুল্য থাকিলে কার্বোহাইড্রেট আৰু মিঠাই কম খাওক। ৰক্তচাপ বেছি হ’লে ফাষ্টফুড খাদ্য আৰু ভাজা-পোৰা বাদ দিয়ক।
• ঘনে ঘনে চাহ-কফি-ছফ্ট ড্রিঙ্কছ খাই টোপনি নষ্ট নকৰিব। মন ভাল ৰখাৰ অর্ধেক ঔষধ কিন্তু লুকাই আছে টোপনিৰ মাজতেই।
• কোনো সমস্যা হৈছে বুলি মন কৰিলেই চিকিৎসকক দেখুৱাওক। বহুতেই আজিকালি অনলাইনত ৰোগ দেখায়। চেম্বাৰত যাবলৈ সমস্যা বুলি ভাবিলে ফোন কৰি পৰামর্শ লওক। নিজে নিজে ঔষধ খাই বিপদ নবঢ়াব। সুস্থ থাকক। ভালে থাকক।















