স্বাস্থ্য প্ৰতিবেদন:
জীৱন এতিয়া গতিময়। আৰাম কৰি বহি খোৱাৰ সময়েই নাই মানুহৰ। আনকি দুই বেলা ৰান্ধি খোৱাৰ অৱকাশো পোৱা নাযায়। ফলত আগতে ৰান্ধি থোৱা খাদ্যই গৰম কৰি খাবলগা হয়।
সময় বচাবলৈ মাইক্রোৱেভতেই বেছিভাগ মানুহে খাদ্য গৰম কৰি থাকে। কিন্তু জানি লওক এই অভ্যাসে কি অসুখ মাতিব পাৰে আপোনাৰ শৰীৰৰ বাবে।
এবাৰ ৰন্ধা খাদ্য বাৰে বাৰে মাইক্রোৱেভত গৰম কৰাটো কিমান স্বাস্থ্যকৰ? জার্নাল অব এগ্রিকালচাৰেল ফুড এণ্ড কেমিস্ট্রিৰ এক প্রতিবেদনত গৱেষকে দেখুৱাইছে, মাইক্রোৱেভত গৰম কৰা খাদ্যত ভিটামিন বি ১২ ক্রমে অকার্যকৰী হৈ পৰে। একোবাৰ খাদ্য গৰম কৰিলে খাদ্যৰ ৩০ৰ পৰা ৪০ শতাংশ ভিটামিন বি ১২ নষ্ট হয়।
গাখীৰ আৰু মাংসজাতীয় খাদ্যত প্রচুৰ পৰিমাণে ভিটামিন বি১২ থাকে। ফলত এই ধৰণৰ খাদ্য মাইক্রোৱেভত গৰম কৰিলে খাদ্যৰ খাদ্যগুণ নষ্ট হয় প্রচুৰ পৰিমাণে।
চিকিত্সকসকলে কয়, মাইক্রোৱেভিঙৰ পিছত খাদ্যত কিছু বিষাক্ত ৰাসায়নিক সৃষ্টি হয়। যেনে বেঞ্জিন, জাইলিন ইত্যাদি যাৰ কাৰণে কেন্সাৰৰ দৰে অসুখ হয়।
আনকি, প্লাষ্টিকত খাদ্য গৰম কৰিলেও তাৰ পৰা বিষাক্ত ৰাসায়নিক বাহিৰ হয়। এইবোৰ কাৰ্চিনোজেনিক অর্থাত্ কেন্সাৰৰ কাৰণ।
সেয়ে খাদ্য বাৰে বাৰে মাইক্রোৱেভত গৰম নকৰাই ভাল। অন্যহাতে ট্রেন্ট ইউনিভাৰ্ছিটীৰ গৱেষণাত দেখা গৈছে, হৃদস্পন্দনৰ গতিৰো পৰিবর্তন ঘটে মাইক্রোৱেভৰ পৰা নির্গত ৰেডিয়েচনৰ কাৰণে। বিশেষজ্ঞসকলৰ মতে, কণী, গাখীৰ, মাংস, মাশৰুমজাতীয় খাদ্য গৰম কৰি খোৱা সকলোতকৈ ক্ষতিকৰ।
উপায় : প্রতিদিনৰ ৰন্ধা কাম প্রতিদিনে কৰক
খাদ্য ফ্রিজৰ পৰা বাহিৰ কৰি তাৰাতাৰিকৈ মাইক্রোৱেভত নিদি স্বাভাবিক তাপলৈ আনক। গৰম কৰাৰ সময়ত চুলা ব্যৱহাৰ কৰক। টোস্টাৰ ওভেনক কামত লগাব পাৰে।













