ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত শ্বহীদ বীৰভূমি বঢ়মপুৰত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্ত। উক্ত ঠাইডোখৰত অৱস্থিত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী কাৰ্যসূচীত অংশ লয় ভাস্কৰজ্যোতি মহন্তই। গায়ন-বায়নৰ দ্বাৰা আদৰি অনাৰ পিছতেই আৰক্ষী সঞ্চালক গৰাকীয়ে ভাষণত সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ প্ৰতিগৰাকী লোকক এবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ আহ্বান জনায়।
আনহাতে কভিদ-১৯ৰ প্ৰসংগ উল্লেখ কৰি কভিদ এটা মহামাৰী, মাস্ক পিন্ধি কভিদ -১৯ ৰ পৰা ৰক্ষা পাব পাৰি বুলি উল্লেখ কৰি আমাৰ কিছুমান মানুহে মাস্ক নিপিন্ধাটো একপ্ৰকাৰ বীৰত্ব বুলি ভাবে বুলি কটাক্ষ কৰে। আনহাতে কভিদৰ বাবে মাস্ক নিপিন্ধা লোকৰ ওপৰত ক্ষুব্ধ হৈ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে মাস্ক নিপিন্ধা লোক সকলক গ্ৰেপ্তাৰ কৰিব লাগে বুলিও মন্তব্য কৰে।
নগাঁও জিলাৰ মৰিকলঙত আৰক্ষী জোৱানক প্ৰহাৰ কৰা প্ৰসঙ্গত মাস্ক নিপিন্ধা বা আৰক্ষী লোকৰ গাত হাত দিয়া সকলৰ ওপৰত আৰক্ষী কঠোৰ হৈ তেনে লোকক আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ অসম আৰক্ষী প্ৰস্তুত বুলিও মন্তব্য কৰে।