ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ নিতৌ বৃদ্ধি পাই আছে৷ ৰাজ্যখনত প্ৰতিদিনে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ এনে সময়তে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, ৰাজ্যৰ পৰিৱেশ খুবেই বেয়া। উল্লেখ্য যে দেওবাৰে জিএমচিএইচৰ ক’ৰোনাত আক্ৰান্ত ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী ড° শৰ্মাই।
উল্লেখ্য যে আইচিইউ কক্ষৰ লগতে আন কেইবাজনো ক’ৰোনা ৰোগীৰ সৈতে বাৰ্তালাপ কৰে স্বাস্থ্য মন্ত্ৰী ড° শৰ্মাই৷ ইয়াৰ পাচতে সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয়, জিএমচিএইচত বেছিভাগ ৰোগী আইচিইউত আছে। আনহাতে ৫০জন ৰোগী এতিয়া জিএমচিএইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত সংকটজনক অৱস্থাত আছে।
ইপিনে, জিএমচিএইচত আঠজন ৰোগীৰ মৃত্যু হৈছে বুলি মন্ত্ৰীজনে কয়৷ ইয়াৰে চাৰিজন ৰোগীয়ে শেষ মুহূৰ্তত ঘৰৰ পৰা আহিছিল। অর্থাৎ তেওঁলোক হোম আইচ’লেচনত আছিল বা ঘৰতে থাকি লুকুৱাই ৰাখিছিল৷ এই লোককেইজনৰ জ্বৰ হৈ আছিল।
অক্সিজেন কমাৰ বাবে হাস্পতাললৈ আনিছিল৷ কিন্তু তাৰ একৰ পৰা ডেৰ ঘণ্টাৰ ভিতৰত তেওঁলোকৰ মৃত্যু হয় বুলি মন্ত্ৰী ড° শৰ্মাই জনায়৷ ‘‘যিসকলে হোম আইচ’লেচনত আছে বা জ্বৰ হৈ আছে, তেওঁলোকে সময় নষ্ট নকৰি চিকিৎসালয়লৈ আহিবলৈ মন্ত্ৰীজনে আহ্বান জনায়৷ মন্ত্ৰী ড° শৰ্মাই কয় যে হোম আইচ’লেচনত থকাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে।
বহু লোকে হোম আইচ’লেচনৰ নিয়ম মনা নাই। যোৱা তিনিটা দিনত ২০ৰ পৰা ৩০জন ৰোগীৰ মৃত্যু হৈছে বুলি কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ভেকচিন নহালৈকে এই ভাইৰাছৰ পৰা মুক্তি পোৱাত সমস্যা থাকিব৷ এই সন্দৰ্ভত মন্ত্ৰী ড° শৰ্মাই কয়, ভেকচিন নহালৈ বৃহৎ প্ৰত্যাহ্বান৷












