নিউজ ডেস্ক:
কা’ আইনৰ বিৰুদ্ধে প্রতিবাদত চলিত বছৰৰ ফেব্রুৱাৰী মাহত ৰণক্ষেত্র হৈ উঠিছিল ৰাজধানী দিল্লী। এটাৰ পিছত আন এটা অগ্নিসংযোগ, হত্যাৰ ঘটনাত কঁপি উঠিছিল দেশ। সেই ঘটনাৰ তদন্তত নামি সম্প্রতি আদালতত চার্জছিট দাখিল কৰিছে দিল্লী আৰক্ষীয়ে।
য’ত হিংসাত উচতনি দিয়াৰ অভিযোগত একাধিক ব্যক্তিৰ নাম দাঙি ধৰা হৈছে। দিল্লী আৰক্ষীৰ সেই চার্জছিটত দেখা গ’ল চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰিৰ নাম।
আৰক্ষী সূত্রে জানিব পৰা মতে, দিল্লীৰ ভয়াৱহ সেই হিংসাত অভিযুক্তৰ সন্দেহত গ্রেপ্তাৰ হোৱা ৬ জন ছাত্রৰ স্বীকাৰোক্তিৰ ভিত্তিত সীতাৰাম য়েচুৰিৰ নাম উঠিছে চার্জছিটত। অৱশ্যে এই ঘটনাক ৰাষ্ট্রশক্তিৰ অপব্যৱহাৰ হিচাবে উল্লেখ কৰিছে সিপিআইএমৰ নেতাগৰাকীয়ে। অৱশ্যে কেৱল সীতাৰাম য়েচুৰিয়ে নহয়, দিল্লী আৰক্ষীৰ চার্জছিটত নাম আছে অর্থনীতিবিদ জয়তি ঘোষ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূর্বানন্দৰো।
আনহাতে, এই ঘটনাৰ বিষয়ে সীতাৰাম য়েচুৰিয়ে কয়, কা আইনৰ বিৰুদ্ধে যিহেতু তেওঁলোকে প্রতিবাদ কৰিছিল, যাৰ ফলত এই ধৰণৰ ষড়যন্ত্র কৰা হৈছে বিৰোধীসকলৰ বিৰুদ্ধে। চৰকাৰে ভিন্ন মতৰ মানুহ থকাটো নিবিচাৰে।












