স্বাস্থ্য প্ৰতিবেদন:
গ্রিন টিত কেফেইন থাকে। নিয়মিত শৰীৰ চর্চাৰ পূৰ্বে গ্রিন টি খালে বেছি শক্তি পোৱা যায়। ফলত শৰীৰ চর্চাও বহু সময় ধৰি কৰিব পৰা যায়।
কিন্তু গ্রিন টি কেতিয়া খালে সকলোতকৈ ভাল ফল পোৱা যাব, তাক লৈ বহুতৰে মনত প্রশ্ন আছে। গ্রিন টিত প্রচুৰ পৰিমাণে খনিজ, ভিটামিন থাকে। ইয়াক পান কৰিলে কেন্সাৰ আৰু হার্টৰ অসুখৰ পৰা দূৰত থাকিব পৰা যায়।
বিশেষজ্ঞসকলৰ পৰামর্শ মতে, কোন সময়ত গ্রিন টি খাব?
খুব পুৱাই গ্রিন টি নাখাব
খালি পেটত গ্রিন টি খোৱাটো শৰীৰৰ বাবে ক্ষতিকৰ। ইয়াত কেটেচিন্স থকাৰ বাবে লিভাৰত বেয়া প্রভাৱ পৰিব পাৰে। পুৱা ১০টাৰ পৰা ১১টাৰ ভিতৰত প্রথমবাৰ গ্রিন টি খোৱা দৰকাৰ। আকৌ ৰাতি দেৰিকৈও খোৱা ঠিক নহয়। সন্ধ্যাৰ পৰা নিশা ৯টাৰ ভিতৰত গ্রিন টি খোৱা ভাল।
খাদ্য খোৱাৰ মাজত
দুপৰীয়া অথবা নিশা খাদ্য খোৱাৰ দুঘণ্টামান আগতে গ্রিন টি খাব পাৰে। কিন্তু ৰক্তহীনতাত ভুগিলে খাদ্যৰ মাজে মাজে গ্রিন টি নাখাব।
শৰীৰ চর্চাৰ পূৰ্বে
নিয়মিত শৰীৰ চর্চাৰ আগতে গ্রিন টি খালে বেছি শক্তি পোৱা যায়। ফলত শৰীৰ চর্চাও বহু সময় ধৰি কৰিব পৰা যায়।
টোপনিৰ দুই ঘণ্টা পূৰ্বে
একেবাৰে শোৱাৰ আগে আগে গ্রিন টি খালে টোপনি কম হ’ব পাৰে। ইয়াত থকা এমিনো এচিডে বহু সময় সাৰে ৰখাত সহায় কৰে। শোৱাৰ দুই ঘণ্টামান পূৰ্বে দেহৰ বিপাকৰ হাৰ বঢ়াবলৈ গ্রিন টি খালে সকলোতকৈ বেছি কামত দিয়ে।















