ডিফু : প্ৰতি বছৰৰ দৰে এইবছৰো কাৰ্বি আংলং সমাজ কল্যাণ বিভাগৰ কল্যাণৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠন, আত্মসহায়ক গোট, দিব্যাংগ আৰু বোঁৱা-কটাৰ প্ৰশিক্ষাৰ্থী সকলক অনুপ্ৰেৰণা যোগোৱাৰ বাবে এইবছৰো আনুষ্ঠানিক বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু চেক বিতৰণ কৰা হয় ৷
আজি ডিফুৰ ৰংখেলানস্থিত জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এক আনুষ্ঠানিক বিতৰণী কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণত ব্যৱহৃত সামগ্ৰী, আৰু চেকসমূহ বিতৰণ কৰা হয় ৷ বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্যা কাছে ৰংপিপীয়ে ভাষণ প্ৰসংগত নাৰী শক্তিক আগুৱাই নিবলৈ আৰু সেই শক্তিসমূহৰ দ্বাৰা সৃষ্ট স্বেচ্ছাসেৱক সংগঠন আৰু আত্মসহায়ক গোটসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে ৷ সেই শক্তিসমূহক অধিক শক্তিশালী কৰিবলৈ চৰকাৰে আবণ্টন কৰা পুঁজিসমূহ সঠিকভাৱে ব্যৱহাৰ কৰি স্বনিৰ্ভৰশীল আহ্বান জনোৱাৰ লগতে সেই পুঁজিসমূহ বেংকত সঞ্চয় কৰি অধিক সবল হ’বলৈ কয় ৷ এই কাৰ্যসূচীৰ জৰিয়তে নিৰ্বাচিত আত্মসহায়ক গোট, স্বেচ্ছাসেৱী সংগঠক আৰু শাৰীৰিকভাৱে সক্ষম লোক সকলক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে ৷
ইয়াৰোপৰি প্ৰশিক্ষাৰ্থীসকলৰ মাজত চিলাই মেছিন, ঊণ, নিটিং মেচিং আদি বিতৰণ কৰে ৷ আজি জিলা সমাজ কল্যাণ কাৰ্যালয় ভাৰপ্ৰাপ্ত বিষয়া হেলন তেৰাঙপীৰ পৌৰুহিত্যত জিলা মহিলা আয়োগৰ অধ্যক্ষা সীমা ৰংহাঙপী আৰু জিলা সমাজ কল্যাণ কাৰ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী সুৰেন্দ্ৰ ছাহা উপস্থিত থাকে ৷