নিউজ ডেস্কঃ
ৰাজ্যৰ হস্পিটেলসমূহে কোভিডত আক্ৰান্ত নোহোৱা ব্যক্তিসকলক কোভিড নেগেটিভ প্ৰমাণ-পত্ৰ দিব নোৱাৰাৰ অজুহাতত চিকিৎসা আগবঢ়াবলৈ অস্বীকাৰ কৰাৰ অভিযোগত অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই আজি গুৱাহাটী হাইকোৰ্টত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে৷
অধিবক্তা চৈয়দ বুৰহানুৰ ৰহমানৰ জৰিয়তে এই আবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰা হয়৷ উল্লেখ্য যে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত কেইবাখনো আগশাৰীৰ চিকিৎসালয়ত গুৰুতৰভাৱে আক্ৰান্ত ৰোগীক কোভিড নোহোৱা প্ৰমাণ-পত্ৰ দিব নোৱাৰাৰ অজুহাতত জৰুৰীকালীন চিকিৎসা প্ৰদানত অস্বীকাৰ কৰাৰ কথা প্ৰকাশ পাইছে৷
ইয়াৰে ভিতৰত বহু কেইজন মূৰ্মূৰ্ষু ৰোগীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলিও প্ৰতিবেদন প্ৰকাশ পাইছে৷ ইয়াৰ ভিতৰত হাৰ্ট এটেক, উচ্চ ৰক্তচাপজনিত, দুৰ্ঘটনাজনিত তথা অন্যান্য আনুষংগিক জৰুৰী চিকিৎসা সাহায্য লাভ কৰিবলগা লোক আছে৷ ইয়াৰ লগতে গৰ্ভৱতী মহিলাও এই সমস্যাৰ সন্মুখীন হ’বলগা হোৱা বুলি সংবাদ মাধ্যমৰ উদ্ধৃতি দি আবেদনখনত উল্লেখ কৰা হৈছে৷












