নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২১৯৭ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২১৯৭গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৫৩৬৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৭৩৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৬৪৬ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৯৯গৰাকী ডিব্ৰুগড়ৰ, ১৭৭ গৰাকী যোৰহাটৰ, ২৫৯গৰাকী লক্ষীমপুৰৰ ৷ আক্ৰান্তৰ হাৰ ৭.৭৪ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৩৫৮০৫ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৯৬৮৭গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১০৫৭০১গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৪১৪ গৰাকীলৈ বৃদ্ধি পালে












