স্বাস্থ্য প্ৰতিবেদনঃ
কোভিডৰ আতঙ্ক এনেকুৱা যে মুখ আৰু দাঁতৰ ডাঙৰ সমস্যাতো সৰুসুৰা ঔষধ, মাউথৱাশ্ব, গৰম সেঁক, লং-তেল ইত্যাদিৰ সহায়ত দিন কটাবলগীয়া হৈছে মানুহে। কাৰণ এটাই, ভাইৰাছ যাতে নাক-মুখৰে নোসোমায়, আৰু সেই মুখতেই যদি যন্ত্রপাতি দি খোঁচা-খুঁচি হয়, ডাক্তৰ-নাৰ্ছ মুখৰ ওপৰত উবুৰি খাই থাক, ভাইৰাছ প্ৰৱেশৰ আশঙ্কা প্রতিপদে!
অৰেল আৰু মেক্সিলোফেচিয়েল ছার্জন শিবালিক মুখাৰ্জীয়ে জনায়, ‘সেই ভয় একেবাৰেই নাই। ডাক্তৰ-নাৰ্ছ সকলোৱেই আজিকালি দুটাকৈ মাস্ক আৰু ফেচ শিল্ড পিন্ধি কাম কৰে। কাৰণ চিকিৎসা চলি থাকোতে ৰোগীৰ মুখত পানী স্প্রে’ কৰিবলগা হয় বহু সময়তেই। সেই পানী লালটিৰ সৈতে মিহলৈ হৈ এৰোছল সৃষ্টি কৰি বিয়পি পৰে।
ফলত ৰোগীৰ যদি কৰোনা থাকে, ডাক্তৰ-নাৰ্ছৰ বিপদ, কিন্তু বিপৰীত দিশটোৰ সম্ভাৱনা নাই। যন্ত্রপাতিও বীজাণুমুক্ত কৰা হয় যথানিয়মত। কাজেই কোভিডৰ ভয় তাত নাই। কিন্তু যি ৰোগ লুকুৱাই ৰাখিছে, তাৰ পৰা বিপদ হ’ব পাৰে। ফলত ডাক্তৰ লগত অৱশ্যেই আলোচনা কৰক। কেনেদৰে চলিব লাগিব, তেওঁ পৰামৰ্শ দিব।’’
তাৎক্ষণিক সমাধান
• দাঁতৰ খুব দাঁত বিষ হ’লে পেৰাচিটামল ৬৫০ খাওক। ক্লোৰহেক্সিডিন মাউথৱাশ্ব ব্যৱহাৰ কৰক দিনত দুবাৰ।
• ৰুট কেনেল ট্রিটমেন্ট কৰাৰ পিছত দাঁতত যি ক্রাউন বহুওৱা হয়, সেয়া ঢিলা হৈ গ’লে খুলি লগোৱাৰ চেষ্টা কৰক। নহ’লে ডিঙিলৈ গুচি যাব পাৰে। সেই দাঁতেৰে খাদ্য নোচোবাব।
• নকল দাঁত ঢিলা হৈ গ’লে খুলি ক্লোৰহেক্সিডিন মাউথৱাশ্বত ডুবাই ৰাখক। নহ’লে খোঁচা লাগি গাল কাটিব পাৰে। এনে ধৰণৰ ক্ষতৰ পৰাই কেন্সাৰৰ আশঙ্কা বাঢ়ে।
• যিসকলে বেকেট পিন্ধে, কেইবা দিনো ডাক্তৰক নেদেখুৱালে তেওঁলোকৰো গাল-ছাল কাটে। তেতিয়া মেডিকেল ৱাক্স লগাই অৱস্থা চম্ভালিবলগা হয়।
• মুখত ঘা হ’লে বিড়ি-চিগাৰেট-গুটখা-চাধা-চুপাৰী, জাল, মচলা খোৱা বন্ধ কৰক।
• মুখৰ ভিতৰৰ পুৰণই চিলাইত বিষ হ’লে ক্লোৰহেক্সিডিন মাউথ ৱাশ্ব ব্যৱহাৰ কৰক দিনত দুবাৰ। এণ্টিচেপ্টিক মলম লগাওক ডাক্তৰৰ পৰামৰ্শ মতে।
• আলু ফুলি গ’লেও ক্লোৰহেক্সিডিন মাউথ ৱাশ্ব ব্যৱহাৰ কৰক প্ৰতিদিনে।
• ইয়াৰ পিছত সময়মতে ডাক্তৰক দেখাই লওক। নহ’লে বিপদ হ’ব পাৰে।
পলম কৰিলেই বিপদ
• দাঁতত সংক্রমণৰ বিষ মাউথ ৱাশ্ব আৰু ঔষধত নকমিলে চিকিৎসা কৰাওক। নহ’লে পিছত সেই দাঁত তুলি পেলাব লাগিব পাৰে। ক্ষতি হ’ব পাৰে দুইকাষৰ দাঁতো। ৰুট কেনেল ট্রিটমেন্ট যি দাঁতত হৈছে, তাৰ ক্ষেত্রতো একেই কথা প্রযোজ্য।
• মুখত ঘা হ’লে দিনৰ পিছত দিন ভিটামিন খাই দমাই ৰাখিবলৈ চেষ্টা কৰিলে বিপদ আছে, বিশেষকৈ যিসকলৰ ধপাত বা অন্য কিছু চোবোৱাৰ অভ্যাস আছে। দাঁতৰ খোঁচাত মুখত ঘা হ’লেও এক বিপদ। ডাক্তৰৰ ওচৰলৈ গৈ দাঁতটো মসৃণ কৰি আনক।
• আলু ফুলি বিষ হোৱা ভাল লক্ষণ নহয়। বিষ কমি গ’লেও ৰোগৰ কাৰণ বিচাৰি চিকিৎসা কৰিব লাগিব।
জৰুৰীকালীন সমস্যা
• দাঁতৰ পৰা সমানে ৰক্ত পৰিলে ৰক্ত বন্ধ কৰাৰ ঔষধ খাই তুৰন্তে ডাক্তৰৰ ওচৰলৈ যাওক। চেম্বাৰ খোলা নাপালে হস্পিটেলৰ ইমাৰজেন্সিলৈ যাব লাগিব পাৰে।
• দাঁতৰ তলৰ পাৰিত সংক্রমণৰ ফলত সেইদিশৰ ডিঙি ফুলিবলৈ আৰম্ভ কৰিলে প্রাণক লৈ টানাটানি পৰিব পাৰে। দ্রুততাৰে মেক্সিলোফেচিয়েল ছার্জনৰ শৰণাপন্ন হওক।
• আঘাত লাগি দাঁত ভাঙিলে ভঙা দাঁত ঠাণ্ডা গাখীৰত ডুবাই খুব সোনকালে ছার্জনৰ ওচৰলৈ গ’লে দাঁত পুনৰ আগৰ দৰে হৈ যাব।
সৌজন্য : আনন্দবাজাৰ পত্ৰিকা















