ডিফু : কাৰ্বি আংলঙৰ লাংহিঙৰ এক শোকাৱহ পথ দুৰ্ঘটনাই পাহাৰীয়া জিলাখনত শোকৰ ছাঁ পৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা প্ৰায় আঠ বজাত কাৰ্বি আংলং জিলাৰ লাংহিনত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয় । উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখী ১৬ চকীয়া WB 23 F 1002 নম্বৰৰ তীব্ৰ গতিৰে আহি থকা এখন ট্ৰাকে বিপৰীত দিশৰ পৰা আহি থকা AS 02 AB 1906 নম্বৰৰ এখন ছুইফ্ট ডিজাইআৰ বাহনৰ মাজত সন্মুখাসন্মুখী খুন্দা মৰাৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। লাংহিন নগৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ পূবত ফুলনি হাঁহ প্ৰজনন পাম আৰু প্ৰদৰ্শন গোটৰ সমীপত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ছুইফ্ট ডিজাইআৰ বাহনত অহা দুজন আৰোহীৰ ভিতৰত এজন থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন নিকটৱৰ্তী ডকমা চিকিৎসালয়ত মৃত্যু হোৱা বুলি আৰক্ষীৰ সুত্ৰৰ পৰা জানিব পৰা গৈছে । দুয়োখন বাহনেই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত সুমাই যায় । ছুইফ্ট ডিজাইআৰ বাহনখনৰ সন্মুখৰ অংশ সম্পূৰ্ণ ধ্বংস হৈ যায় ।
ইতিমধ্যে ডকমা আৰক্ষী থানাৰ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। শেহতীয়াকৈ জানিব পৰা অনুসৰি নিহত লোক দুজন ক্ৰমে, দীপ বৰা আৰু নিৰ্মল বৰা বুলি জানিব পৰা নাই।