অসমৰ ৰে’লযাত্ৰীৰ বাবে সুখবৰ। ১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ–পূব সীমান্ত ৰে’লৱেই ৰাজ্যৰ পৰা চাৰিখন দূৰনিবটীয়া যাত্ৰীবাহী ৰে’ল সেৱা মুকলি কৰিব।বৰ্তমান গুৱাহাটীৰ পৰা দিল্লী লৈ চলাচল কৰি আছে ৰাজধানী এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ চলি আছে লোকমান্য তিলক এক্সপ্ৰেছ।
ঠিক তেনেকৈ এই তিনিখন ৰে’ল দিল্লী আৰু মুম্বাইৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ অব্যাহত আছে ৰে’ল সেৱা। উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ পৰা মুঠ আঠখন যাত্ৰীবাহী ৰে’ল চলাচল অব্যাহত আছে অসমৰ পৰা।উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে অহা ১২ ছেপ্টেম্বৰৰ পৰা সাপ্তাহিক যাত্ৰীবাহী ৰে’ল ডিব্ৰুগড়ৰৰ পৰা অমৃতসৰ, ঠিক তেনেকৈ অমৃতসৰৰ পৰা ডিব্ৰুগড়লৈ চলাচল কৰিব।
সপ্তাহত তিনিদিনকৈ গুৱাহাটীৰ পৰা বাংগালুৰু , ঠিক তেনেকৈ বাংগালুৰুৰ পৰা গুৱাহাটীলৈ, দৈনিক ডিব্ৰুগড়ৰ পৰা লালগড় ৰাজস্থান, ঠিক তেনেকৈ লালগড় ৰাজস্থানৰ পৰা ডিব্ৰুগড়লৈ চলিব ৰে’ল। সাপ্তাহিকভাৱে আগৰতলাৰ পৰা দেওঘৰ, ঠিক তেনেদৰে দেওঘৰৰ পৰা আগতলালৈ চলাচল কৰিব ৰে’ল। ভাৰতবৰ্ষত মুঠ ৩১০খন যাত্ৰীবাহী দুৰণিবটীয়া ৰে’ল চলাচল কৰিব।
এই ৰে’লসমূহত যাত্ৰা কৰাৰ বাবে আজিৰে পৰা টিকটৰ ব্যৱস্থা কৰা হৈছে। তাৰ মাজতে অসমত বন্ধ থাকিব স্থানীয় যাত্ৰীবাহী ৰে’লসেৱা। চৰকাৰৰ নিৰ্দেশ পালেহে উত্তৰ–পূব সীমান্ত ৰে’লৱেই পুনৰ আৰম্ভ কৰিব স্থানীয় ৰে’ল সেৱা।












