ষ্টাফ ৰিপ’ৰ্টাৰ:
সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম পাব লগা নতুন ৰাজনৈতিক দলৰ প্ৰস্তুতি প্ৰায় চূড়ান্ত পৰ্যায়ত।৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ মতামত গ্ৰহণ কৰি এই ইংগিত দিলে আছু শীৰ্ষ নেতৃত্বই।
বুধবাৰে গুৱাহাটীৰ এক হোটেলত অনুষ্ঠিত আছু লগত ৩০ জনগোষ্ঠীয় সংগঠনৰ বৈঠকৰ অন্তত আছু সভাপতি দীপাংক নাথৰ স্পষ্ট কথা “পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত আগবাঢ়িছে সকলো প্ৰক্ৰিয়া।অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব আছুৱে।ৰাজনৈতিক মঞ্চই নতুন দলৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিব”।
আছু এক শীৰ্ষসূত্ৰৰ খবৰ অনুসৰি ১৬ ছেপ্টেম্বৰ ভিতৰত ৰাজনৈতিক দল গঠনৰ প্ৰথম পৰ্যায় আৰম্ভ হ’ব ।অসমবাসী সন্মুখত “পৰামৰ্শদাতা কমিটি” প্ৰতিবেদন ৰাজহুৱা কৰি ৰাজনৈতিক দলৰ বীজ অংকুৰিত হ’ব।ইয়াৰ পাছদিনাই ৰাজনৈতিক দলৰ দ্বিতীয় পৰ্যায় অলপ বহল ভাৱে অসমবাসীৰ আগত ঘোষণা কৰিব সংগঠন দুইটা।
গুৰুত্বপূৰ্ণ এই যে অসমবাসীয়ে পূৰ্ণ পৰ্যায়ৰ চূড়ান্ত দল লাভ কৰিব অহা নৱেম্বৰত।দুলীয়াজানৰ আছু সাধাৰণ অধিবেশনৰ পাছতহে চূড়ান্ত ৰাজনৈতিক দলটো ঘোষণা হ’ব।নতুন ৰাজনৈতিক দলটোৰ নাম কি হ’ব দলটোৰ কেন্দ্ৰীয় নেতৃত্বই সেইয়া ঘোষণা কৰিব।
সূত্ৰটো খবৰ অনুসৰি দলটোৰ বাবে সভাপতি ইতিমধ্যে চূড়ান্ত হৈছে।সভাপতি গৰাকী এগৰাকী উপযুক্ত ব্যক্তি।তেওঁ কোন সমষ্টি পৰা প্ৰতিদ্বন্দিতা কৰিব সেইয়া ইতিমধ্যে চুড়ান্ত হৈছে।১০০খন আসনৰ ওপৰত প্ৰতিদ্বন্দিতা কৰিব নতুন ৰাজনৈতিক দলটোৱে।তাপৰ্যপূৰ্ণ কথা এই যে প্ৰভাৱশালি ব্যক্তিগৰাকী দিল্লীৰ ঘূৰি অহা।
কৃষক মুক্তিৰ লগত ৰাজনৈতিক শক্তিটো একলগ হ’ব নাই সেইয়া চূড়ান্ত দল ঘোষণা পাছত নিশ্চিত হ’ব।যিমান খিনি লৈকে পৰা যায় সিমানখিনিলৈকে একত্ৰিত হবলৈ ৰাজনৈতিক দলটোৱে সিদ্ধান্ত লব বুলিও শীৰ্ষ সূত্ৰটোৱে জানিবলৈ দিয়ে।
চূড়ান্ত দল গঠনৰ পূৰ্বে ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে পৃথকে পৃথকে বৈঠকত বহিব- দীপাংক নাথৰ স্পষ্ট কথা।লগতে তেওঁ কয় আছু সম্পূৰ্ন অৰাজনীতি চৰিত্ৰ অক্ষুন্ন ৰাখিব ৰাইজে দেখা পাব।












