নিউজ ডেক্স:
আছু ৩০জনগোষ্ঠীয় সংগঠনৰ বৈঠকৰ সামৰণি।হোটেল প্ৰাগ কণ্টিনেলত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
৩০ জনগোষ্ঠীয় সংগঠনে ৬নং দফা কমিটিৰ প্ৰতিবেদনক আদৰণি জনাই।লগতে শীঘ্ৰে কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰা বাবে দাবী জনায় কেন্দ্ৰীয় চৰকাৰক।
ইআইএ, বাঘজান, ৬নং দফা ৰূপায়ণৰ লগতে অন্যান্য দাবীত ২৫ ছেপ্টেম্বৰত জিলাই জিলাই আছু-৩০ জনগোষ্ঠীয় সংগঠনে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰিব।
ইফালে নতুন ৰাজনৈতিক দল গঠনৰ পূৰ্বে ৩০ জনগোষ্ঠীয় সংগঠনৰ লগত সুকীয়া সুকীয়া বহাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় সভাত- এই কথা অৱগত কৰিলে আছু সভাপতি দীপাংক নাথ।
আনহাতে গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকি আছু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় “৬ নং দফা প্ৰতিবেদনৰ সন্দৰ্ভত মুখ খোলা নাই চৰকাৰে।কেন্দ্ৰ চৰকাৰৰ ওচৰত এই প্ৰতিবেদন পাইছে গৈ নাই সেই কথা অসমবাসীৰ ৰাইজ অৱগত নহয়”।












