নিউজ ডেক্স:
গুৱাহাটী বিশ্ববিদ্যালয় স্নাতক আৰু স্নাতকোত্ত মহলা চূড়ান্ত পৰীক্ষাৰ সন্দৰ্ভত কৰ্তৃপক্ষ নতুন জাননী জাৰি।অনলাইন পদ্ধতিত স্নাতকোত্তৰ পৰীক্ষা অনুষ্ঠিত কৰা বিপৰীতে স্নাতকবৰ্ষ পৰীক্ষা সমূহ অনলাইন-অফলাইন দুয়োটাৰ পদ্ধতিত অনুষ্ঠিত হ’ব।ক’ৰোনা মহামাৰীৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।শীঘ্ৰে এছঅপি প্ৰকাশ কৰিব পৰীক্ষা নিয়ন্ত্ৰকে।
গুৰুত্বপূৰ্ণ নিৰ্দেশনাত প্ৰকাশ কৰা মতে ছেপ্টেম্বৰ পৰা অনুষ্ঠিত হব পৰীক্ষা।
উল্লেখ সদৌ অসম ছাত্ৰ সন্থা সভাপতি দীপাংক নাথৰ নেতৃত্বত মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্যক সাক্ষাৎ কৰিছিল আছু প্ৰতিনিধি দলে।উপাচাৰ্য গৰাকীক আছু নেতৃত্বই স্নাতক-স্নাতকোত্তৰ পৰীক্ষা অনলাইন-অফলাইন উভয় পদ্ধতিত “অপেন বুক পৰীক্ষা” অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল।একেদৰে প্ৰয়োজন অনুসৰি পাঠ্যক্ৰম শিথিল কৰা পৰামৰ্শ দিছিল আছু প্ৰতিনিধি দলটোৱে।উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে এই নতুন নিৰ্দেশনা।












