ক’ৰোনাৰ ধ্বংসৰ কাৰণে মানুহে তেওঁলোকৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াবলৈ কি যে কৰিবলগীয়া হোৱা নাই! যদি কোনোৱে তুলসী, লং, জালুক জাতীয় প্রাকৃতিক বস্তুৰে তৈয়াৰী পানীয় খাইছে আন কোনোৱে আকৌ জিঙ্ক সমৃদ্ধ ফল আৰু শাক-পাচলি খোৱাৰ পৰিমাণ বঢ়াইছে।
কিন্তু টেক্সাছ এ এণ্ড এম কলেজ অব মেডিচিনৰ সাম্প্রতিক সমীক্ষাত দেখা গৈছে, সংক্রামক ৰোগৰ বিৰুদ্ধে যুঁজত যিকোনো প্রস্তুতি ভিটামিন চি, ই, ডি আৰু বি-৬ অবিহনে অসম্পূর্ণ। এই ভিটামিনবোৰে এন্টিবডি আৰু শ্বেত ৰক্তকণিকা গঠনত কেৱল গুৰুত্বপূর্ণ ভূমিকাই পালন নকৰে, বহু মাৰাত্মক ভাইৰাছ নির্মূল কৰিবলৈও সক্ষম।
ভিটামিন বি-৬
ভিটামিন বি-৬ কোষ সৃষ্টিৰ বাবে গুৰুত্বপূর্ণ। প্রতিৰোধ ব্যৱস্থা সক্রিয় কৰাৰ মাধ্যমেৰে, এই কোষবোৰে সংক্রমিত কোষবোৰ নির্মূলৰ বিষয়টো নিশ্চিত কৰে। ইয়াৰ উপৰি ভিটামিন বি-৬-এ ষ্ট্ৰেছ হৰমোন ‘কর্টিছল’ৰ নিঃসৰণ তথা হতাশাৰ লক্ষণবোৰ হ্রাস কৰে, যেনে অস্থিৰতা, অনিদ্রা, জীৱনত হতাশা আৰু আত্মহত্যা। স্মৃতি আৰু যুক্তি শক্তি বজায় ৰখাৰ উপৰি ৰক্তহীনতাৰ সম্ভাৱনা কমোৱাত কার্যকৰী।
কিমান প্রয়োজন
নাৰীসকলে ১.২ মিলিগ্রাম ভিটামিন-বি ৬ গ্রহণ কৰা উচিত।
পুৰুষসকলে ১.৪ মিলিগ্রাম প্রতিদিনে খোৱা প্রয়োজন৷ বিশেষজ্ঞসকলে পৰামর্শ দিয়ে যে ১০ মিলিগ্রামতকৈ বেছি ড’জ যদি চিকিৎসাৰ অংশ না তেতিয়া ই ক্ষতিকাৰক।
ডায়েটৰ পৰা কেনেদৰে পাব
খাদ্য গ্রহণ : ভিটামিন বি-৬ৰ উপলব্ধতা-
-১০০ গ্রাম প্রতি মেকুলাৰ ছোলাত ০.৭৫ মিলিগ্রাম৷
-সৰু আকাৰৰ এটা আলুত ০.৬৯ মিলিগ্রাম৷
-এটা মজলীয়া আকাৰৰ কলত ০.৪৩ মিলিগ্রাম৷ -প্রতি ১০০ গ্রাম মুৰ্গি মাংসত ০.২ মিলিগ্রাম৷
ভিটামিন-চি
শ্বেত ৰক্তকণিকাৰ উপৰি ভিটামিন-চি-এ ‘ফাগোছাইটছ’ নামৰ প্রতিৰোধক কোষৰ বিকাশ নিশ্চিত কৰে। এই কোষবোৰে ৰক্তত থকা ভাইৰাছবোৰ শোষণ কৰে আৰু সংক্রামক ৰোগৰ পৰা মুক্তি দিয়ে। ৰক্তৰ বীজাণু বাহিৰ হ’বলৈ আৰু দ্রবীভূত হোৱা ৰোধ কৰিবলৈ অন্ত্রৰ ওপৰত এখন সুৰক্ষামূলক জাল তৈয়াৰ কৰে। টিছুবোৰৰ বিকাশ, উৎপাদন আৰু মেৰামতিৰ বাবে ভিটামিন চিও গুৰুত্বপূর্ণ। ই কোলাজেন উৎপাদন কৰি বলিৰেখাৰ অভিযোগ দূৰত ৰাখে।
কিমান প্রয়োজন
-প্রতিদিনে ৬৫-৯০ মিলিগ্রাম ভিটামিন-চি গ্রহণৰ প্রয়োজন। বিশেষজ্ঞসকলে পৰামর্শ দিয়ে যে স্বাস্থ্যকৰ প্রাপ্তবয়স্কসকলে দুইৰ পৰা তিনি দিনৰ ভিতৰত চর্দি-কাহৰ লক্ষণবোৰ উপশম কৰিবলৈ ০৬ৰ পৰা ৮ গ্রামৰ এটি ড’জ গ্রহণ কৰক৷
-২০ হাজাৰ মিলিগ্রামৰ বেছি প্রতিদিনে গ্রহণৰ ফলত বিভিন্ন স্বাস্থ্য সমস্যা দেখা দিব পাৰে।
ডায়েটৰ পৰা কেনেদৰে পাব
খাদ্য গ্রহণ : ভিটামিন চিৰ উপলব্ধতা
-এটি মজলীয়া আকাৰৰ কেপচিকামত ১৫২ মিলিগ্রাম৷
-স্ট্রবেৰিৰ এটি সৰু কাপৰ একাপত ৮৫ মিলিগ্রাম৷
-মজলীয়া আকাৰৰ এটা কমলাত ৭০ মিলিগ্রাম৷ –এক বাটি ব্রকলিত ৬৩.৩ মিলিগ্রাম৷
ভিটামিন ডি
ভিটামিন-ডি বেকটেৰিয়া নির্মূলৰ বাবে গুৰুত্বপূর্ণ ‘মেক্রোফেজছ’ উৎপাদন নিশ্চিত কৰে। ‘চাইটোকাইন নিঃসৰণ’ প্রক্রিয়াও ৰোধ কৰে। ইয়াৰ ফলত প্রতিৰোধক কোষবোৰ অত্যন্ত সক্রিয় হৈ উঠে আৰু কেৱলমাত্র স্বাস্থ্যকৰ কোষবোৰত আক্রমণ কৰে। ২০১২ চনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পুষ্টি পৰীক্ষাৰ সমীক্ষাত মার্কিন যুক্তৰাষ্ট্রত ৪০% ভিটামিন-ডিৰ অভাৱৰ কথা জনাইছে। এই কাৰণে তেওঁলোকে নিউমোনিয়া, ব্রচাইটিছৰ দৰে শ্বাস-প্রশ্বাসৰ সংক্রমণত বেছি আক্রান্ত হয়।
কাৰ কিমান প্রয়োজন
১০-২০ মাইক্রোগ্রাম ভিটামিন-ডি প্রতিদিনৰ খাদ্যৰ পৰিমাণত যথেষ্ট; স্বাস্থ্যকৰ প্রাপ্তবয়স্কৰ বাবে৷
১৫-৩০ মিনিটৰ বাবে ৰ’দত অলপ ভিজি দেহত পর্যাপ্ত উৎপাদন নিশ্চিত কৰি৷
অৱশ্যে তেতিয়ালৈকে ১০০ মাইক্রোগ্রামৰ বছি গ্রহণ কৰা উচিত নহয়, যেতিয়ালৈকে চিকিৎসকে পৰামর্শ নিদিয়ে।
















