নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২১৬৬ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২১৬৬ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে মঙ্গলবাৰৰ দিনটোত ৰাজ্যত ৩৪হাজাৰ ৪৬২টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৫৭৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৭৯২ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৬০গৰাকী ডিব্ৰুগড়ৰ, ১৪৬ গৰাকী যোৰহাটৰ, ১১০গৰাকী ধেমাজিৰ ৷ আক্ৰান্তৰ হাৰ ৭.৪৮ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৩০৮২৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৯২০৩ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১০১২৩৯ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৩৭৮ গৰাকীলৈ বৃদ্ধি পালে।












