নিউজ ডেক্স:
অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠক স্থগিতাদেশৰ নিৰ্দেশ বাহাল ৰাখিলে কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতে।উল্লেখ কামৰূপ(ম) অগপ জিলা সমিতি তিনিগৰাকী সদস্যই যোৱা ২৭ আগষ্টত অনুষ্ঠিত হ’ব লগীয়া অগপ সাধাৰণ পৰিষদৰ বৈঠকক স্থগিতাদেশ বিচাৰি ন্যায়ালয় দ্বাৰাষ্ট হৈছিল।
উক্ত আৱেদনৰ ভিত্তিত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে সাধাৰণ পৰিষদৰ বৈঠকখনত স্থগিতাদেশ নিৰ্দেশ প্ৰদান কৰিছিল।কিন্তু ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি অগপ কাৰ্যলয়ত ২৭ আগষ্টত অনুষ্ঠিত আগবেলা ভাগতে বৈঠক সম্পূৰ্ন কৰি অতুল বৰা দলটো সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
বৰা সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে দলটো সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কৈছিল এইদৰে ন্যায়ালয়ৰ নিৰ্দেশ আমি বৈঠক সম্পূৰ্ন হোৱা পাছত লাভ কৰিছোঁ।বৰা সভাপতি নিৰ্বাচিত হোৱা পাছত আদালতৰ নিৰ্দেশনাৱলী আমাৰ হাতত পৰিছে।
গুৰুত্বপূৰ্ণ কথা এই আদালতৰ নিৰ্দেশ অমান্য কৰি বৈঠক অনুষ্ঠিত কৰা বাবে কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীলৈ আদালতে জাৰি কৰিছে চমন।বৈঠকত উপস্থিত থকা উপস্থিতিৰ বহি , প্ৰচিডিং বুক আৰু চিচিটিভি ফুটেজ সংৰক্ষণ কৰা নিৰ্দেশ আদালতৰ।
ইফালে নিৰ্ধাৰিত সময়ৰ পূৰ্বে বৈঠকখন অনুষ্ঠিত কৰা বুলি উল্লেখ কৰি সেই দিনা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটো জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তই মত প্ৰকাশ কৰি বৈঠকখনক ৱে-আইনী বুলি অভিহিত কৰিছিল।
গুৰুত্বপূৰ্ণ কথা এই যে ন্যায়ালয়ে অতুল বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে। লগতে বৈঠকত যি সমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সকলো সিদ্ধান্ত বাতিল কৰা নিৰ্দেশ প্ৰদান আদালতৰ।অগপ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।












