ডিফু : বোকাজানৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান বাগানৰ মাটি সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা অবৈধভাৱে দখল কৰাক লৈ উত্তপ্ত পৰিস্থিতি। বাগানৰ লোকে নিজে থাকিবলৈ নিৰ্মাণ কৰা গৃহত অবৈধভাৱে সন্দেহযুক্ত নাগৰিকে দখল কৰাক লৈ পুৱাৰে পৰা বাগানৰ লোকে সন্দেহযুক্ত নাগৰিকৰ ঘৰ ভাঙিবলৈ উদ্যত হয়, কিন্তু আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। বাগানৰ চাহ পুলিও কাটি তহিলং কৰিছে সন্দেহযুক্ত নাগৰিকে বুলি অভিযোগ উত্থাপিত হৈছে।
বহু দিন ধৰি অসম নাগালেণ্ড সীমান্ততস্থিত এই বাগানত বিভিন্ন সন্দেহযুক্ত নাগৰিকৰ অৱস্থিতিক লৈ ভিন্ন সময়ত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায় । প্ৰায় ২ শতাধিক লোকে পুৱাৰে পৰে উত্তপ্ত কৰি তুলিলে বোকাজানৰ লাহৰিজান বাগান। হাতত লাঠী-জোং লৈ ওলায় আহে বাগানৰ লোকসকল।