ডিফু : কার্বি আংলং আৰু নাগালেণ্ডৰ কিছুসংখ্যক আগশাৰীৰ নেতাৰ ষড়যন্ত্রত কার্বি আংলঙৰ দলদলি অভয়াৰণ্য নাগালেণ্ডক হস্তান্তৰ কৰাৰ এক যড়যন্ত্র অব্যাহত থকা বুলি কালি গুৱাহাটী প্রেছ ক্লাবত সদৌ অসম একত্রিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে এক সংবাদমেল যোগে অভিযোগ উত্থাপন কৰাৰ পিছতে বিষয়টোক কেন্দ্র কৰি পাহাৰীয়া জিলাখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ৰ নির্দেশনাক উলংঘা কৰি প্রশাসনৰ সম্মুখতে পীচ এণ্ড বর্ডাৰ ডেভেলপমেন্ট কমিটি শীর্ষক এখনি সমিতি গঠন কৰি এই প্রক্রিয়া অব্যাহত ৰখাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অসমৰ ভূমি নগাক গতাই দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত কেইবাটাও সংগঠনে এই সন্দর্ভত এক সংবাদমেলৰ আয়োজন কৰি সংগঠনটোৰ এনে মন্তব্যৰ তীব্র বিৰোধিতা কৰাৰ লগতে এনে মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।
লগতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে নগাক সীমান্তৰ কোনো ভূমি গতাই দিয়া নাই বুলি মন্তব্য কৰে ৷ এনে অভিযোগ ভিত্তিহীন বুলি কয় সংগঠনসমূহৰ নেতৃবৰ্গই ৷ কার্বি ছাত্র সন্থাৰ সভাপতি ছিমিয়ন ৰংফাৰে সংবাদমেলত প্রতিক্রিয়া প্রকাশ কৰি কয় যে, উক্ত সংগঠনটোৱে ক্ষেত্রভিত্তিক অধ্যয়ন নকৰাকৈয়ে এনে মন্তব্য কৰা বুলি মস্তব্য কৰি এনে মন্তব্য দুর্ভাগ্যাজনক বুলি অভিহিত কৰাৰ লগতে অভিযোগৰ সত্যতা প্রমাণ কৰাৰ বাবেও প্রত্যাহ্বান জনায়। ব’র্ডাৰ ট্রাইবেল ৱেলফেয়াৰ ছ’চইটিৰ সাধাৰণ সম্পাদক লিয়ন ইংলঙে সংগঠনটোৱে সীমান্ত এলেকাত নগা আৰু কার্বি আংলঙলোকৰ মাজত সম্প্রীতি স্থাপনৰ বাবে কাম কৰি অহা বুলি মন্তব্য কৰি উক্ত এলেকাত বন বিভাগে পথ নির্মাণ কৰাৰ লগতে বৃক্ষেৰোপণৰ কার্যসূচী অব্যাহত ৰখা বুলি মন্তব্য কৰে।
আছুৰ কার্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক চর্জুন হাঞ্চেই এনে মন্তব্যৰ বাবে সংগঠনটোক কার্বি আংলঙৰ সাধাৰণ জনতাৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায়। সংবাদমেলত কংগ্ৰেছৰ দুৱাৰ আমলা পৰিষদীয় সমষিটিৰ মণ্ডল সভাপতি তথা বৰ্ডাৰ ট্ৰাইবেল ৱেলফেয়াৰ ছ’চাইটিৰ সদস্য বিজয় টেৰণ, কার্বি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক থানছিং তিমুং আদিও উপস্থিত থাকি সদৌ অসম একত্রিত যুৱ পৰিষদৰ মন্তব্যৰ বিৰোধিতা কৰে ।