ষ্টাফ ৰিপ’ৰ্টাৰ:
মহানগৰ আৰক্ষীৰ জালত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ।বেলতলাৰ শুভম ল’জ আৰু লজৰ চাটত বশিষ্ঠ আৰক্ষীয়ে চলাই অভিযান চলাই এটি আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ লগতে তিনিজন জুৱাৰীক আটক কৰে।
আটক কৰা গাড়ী চুৰি চক্ৰ আৰু জুৱাৰীৰ দলটোৰ পৰা নগদ প্ৰায় ৬ লাখ ৬৫ হাজাৰ টকাৰ লগতে জুৱাত ব্যৱহৃত কইনছ আৰু কেইবাখনো গাড়ীৰ নথি পত্ৰ জব্দ কৰে আৰক্ষীয়ে ।
ধৃত গাড়ী চোৰ কেইজন ক্ৰমে- আগৰতলাৰ পিন্টু উৰিয়া, প্ৰদীপ দে আৰু বিপুল সাহা।একেদৰে তিনিজন জুৱাৰী ক্ৰমে- ৰমেন কলিতা , ভাস্কৰ জ্যোতি শালৈ আৰু বিশ্বজিৎ দাসক আটক কৰে।আটাইকেইজনকে সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।












