(ড° ভূপেন হাজৰিকাৰ জন্ম দিৱস উপলক্ষে)
বিশেষ প্ৰতিবেদন:
বিশ্ব খ্যাত সংগীত শিল্পী, সংগীত সূৰ্য, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি এক সম্পদ৷ ড° ভূপেন হাজৰিকাৰ কেৱল গীতবোৰেই নহয়, বিভিন্ন কৰ্মৰাজী ছাপা আখৰতো ওলাই গৈছে৷ আনহাতে সুধাকণ্ঠৰ সান্নিধ্যলৈ আহিছিল বহু লোক৷
এই লোকসকলৰ হাততো আছে সুধাকণ্ঠৰ অমূল্য বহু কথা৷ এনে সকলো দিশ সাঙুৰি এক নতুন চিন্তা চৰ্চাৰে ড° ভূপেন হাজৰিকাক প্ৰতিষ্ঠা কৰা যুগুত৷ মন কৰিব লগা বিষয়টো হ’ল ড° হাজৰিকাৰ গীতবোৰ কেইবাটাও দিশত বিশ্লেষণ কৰিব পাৰি৷ অৰ্থাৎ বৈপ্লৱিক, দেশপ্ৰেমমূলক, প্ৰেম আদি ভাগত ভাগ কৰিব পাৰি৷ এনেবোৰ ভাগত বিভক্ত কৰি সেই গীতবোৰৰ বিশ্লেষণ আৰু গৱেষণা সম্প্ৰতি গুৰুত্বপূৰ্ণ হৈ পৰিছে৷
উল্লেখযোগ্য যে সুধাকণ্ঠৰ গীতত শব্দ নিৰ্বাচন, প্ৰয়োগ আৰু উচ্চাৰণ এটা গুৰুত্বপূৰ্ণ দিশ৷ এই দিশবোৰ আলোকপাত কৰি গৱেষণাৰ সমল হিচাপে লৈ কামত আগবঢ়াটো প্ৰয়োজন হৈ পৰিছে৷ প্ৰকৃত অৰ্থত ড° ভূপেন হাজৰিকা বিষয়ক এক গৱেষণা অতি প্ৰয়োজন৷ এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শক্তিশালী পদক্ষেপ ল’ব লাগিব৷
এনে এটা বৃহত্তৰ কাম একক প্ৰচেষ্টাৰে কৰাটো কঠিন৷ প্ৰতি বছৰে জন্ম বাৰ্ষিকীত ড° ভূপেন হাজৰিকাৰ বিষয়ে বিভিন্ন মত প্ৰকাশ কৰি আহিছে৷ এইবাৰৰ জন্ম বাৰ্ষিকীত ড° ভূপেন হাজৰিকাৰ কৰ্মৰাজি গৱেষণা কৰাৰ বিষয়ে চিন্তা কৰিব পৰা ব্যৱস্থা এটা কৰিবনে বুলি বিভিন্ন মহলে আহ্বান জনাইছে৷












