নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২২৫০ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২২৫০ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে সোমবাৰে বাৰৰ দিনটোত ৰাজ্যত ৩৮৬১১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৭৮৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৬৭৫ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২২০গৰাকী ডিব্ৰুগড়ৰ, ১৬৫ গৰাকী যোৰহাটৰ, ১২৬গৰাকী লক্ষীমপুৰৰ ৷ আক্ৰান্তৰ হাৰ ৭.২১ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২৮২৪৪ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮৭৯৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৯৯,০৭৩ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৩৭০ গৰাকীলৈ বৃদ্ধি পালে।












