কঁঠালৰ গুটিক অৱহেলা কৰে নেকি? যদি কৰিছে ভুল কৰিছে। কঁঠাল খালেও গুটিবোৰ বেছিভাগ সময়তেই পেলাই দিয়ে বহুতে। কিন্তু এইবাৰৰ পৰা যেন এই ভুল নকৰে। কাৰণ এই গুটিত থকা জিঙ্ক, লো, তাম, পটাচিয়াম, কেলচিয়াম, মেগনেচিয়ামৰ প্রাচুর্যৰ ফলত শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে। ইয়াৰ উপৰি ৰাইবোফ্লেভিন আৰু থিয়ামিনৰ উপস্থিতিত সতেজ থাকিব পাৰি।
ইয়াৰ উপৰি আৰু নানা প্ৰকাৰে এই গুটি ব্যৱহাৰ কৰিব পাৰে।
বলিৰেখা দূৰ কৰে
কঁঠালৰ গুটি ভিজাই বটি কিছু সময় ফ্রিজত ৰাখি তাৰ পিছত সেই বটা চকুৰ পতাত লগাব পাৰে। নিয়মিত এই প্রলেপ চকুৰ তলত লগালে ছাল হ’ব চকচকীয়া। চকুৰ তলৰ ক’লা দাগো কমিব, বলিৰেখাও দূৰ হ’ব।
গাখীৰ আৰু মৌৰ সৈতে কঁঠালৰ গুটি বটা মিহলাই সমগ্ৰ মুখত লগালে প্রাকৃতিক ফেচিয়েলৰ কাম কৰিব সেই মিশ্রনে। ইয়াৰ পিছত গৰম পানীৰে মুখ ধুই দিলেই দেখিব চকচকাই আছে আপোনাৰ ছাল।
মানসিক চাপ কমায়
কঁঠালৰ গুটি ৰ’দত শুকাই লৈ তাৰ পিছত টাৱাত ৰোস্ট কৰি খাব পাৰে। ইয়াৰ উপৰি তৰকাৰীৰ দৰে ৰান্ধিও ইয়াক খাব পৰা যায়। সিদ্ধ কৰি কেঁচা তেল আৰু জলকীয়াৰ সৈতে ভাত বা ৰুটিৰ লগতো খাব পাৰে। ই মানসিক চাপ কমায়, কাৰণ ইয়াত আছে প্রচুৰ পৰিমাণে প্রটিন আৰু মাইক্রোনিউট্রিয়েন্টছ। ই ছালক ভিতৰৰ পৰা উজ্জ্বল ৰাখে। আমেৰিকাৰ জাৰ্নেল অব মেডিচিনত প্রকাশিত গৱেষণা-পত্রত এই কথা উল্লেখ কৰা হৈছে।
ৰক্তহীনতা কমে
এই গুটিত ভৰি আছে লো, যি হিমগ্লোবিনৰ অন্যতম উপাদান। ৰক্তহীনতাত আয়ৰন সমৃদ্ধ ডায়েটৰ বাবে পুষ্টিবিদসকলেও কঁঠালৰ গুটি খাবলৈ কয়।
উজ্জ্বল দৃষ্টি আৰু জলমল চুলি
কঁঠালৰ বীজত আছে ভৰপূৰ ভিটামিন এ। সেয়ে দৃষ্টি স্বচ্ছ ৰাখিবলৈ আৰু চুলিৰ গুৰি শক্তিশালী কৰিবলৈ এই গুটি ডায়েটত ৰাখিব পাৰে।
শৰীৰত প্রটিনৰ ঘাটি পূৰণ
যিসকলে নিৰামিষ খায় তেওঁলোকৰ পক্ষে মাছ-মাংসৰ পৰা প্রটিন পোৱাটো সম্ভৱ নহয়। কঁঠালৰ গুটি তেনে ক্ষেত্রত ডায়েটত ৰখাটো অত্যন্ত জৰুৰী। ই পেশীৰ শক্তি বৃদ্ধিতো সহায় কৰে। নিয়মিত যিসকল জিমলৈ যায়, তেওঁলোকে ডায়েটত এই গুটি ৰাখিবই লাগে।
হজম ক্ষমতাৰ উন্নতি
কঁঠালৰ গুটি ৰ’দত শুকাই গুড়ি কৰি লৈ নিয়মিত খালে গেছৰ আশঙ্কা কমে। ইয়াৰ উপৰি কঁঠালৰ গুটিত প্রিবায়টিক (যেনে অলিগোছেকাৰাইড নামৰ শর্কৰা) থাকে। এইবোৰে শৰীৰত ভাল বেক্টেৰিয়াৰ পৰিমাণ বঢ়ায়।
ইয়াৰ উপৰি আমেৰিকাৰ জাৰ্নেল অব নিউট্রিচনৰ গৱেষণাই কৈছে, প্লাজমাত এইচডিএলৰ পৰিমাণ বঢ়াব পাৰে কঁঠালৰ গুটিয়ে। এলডিএল, ভিএলডিএল, কলেষ্টেৰল, ট্রাই গ্লিছাৰাইডৰ পৰিমাণ কমাবলৈও সক্ষম এই গুটিৰ উপাদানবোৰ। সেয়ে হার্টৰ সমস্যাৰ ক্ষেত্রতো ডায়েটত এই গুটি ৰাখিবলৈ সম্প্ৰতি পৰামর্শ দিয়া হৈছে।
কেনেদৰে খাব
ৰ’দত শুকাই ৰোস্ট কৰি নিমখ-জালুক দি খাব পাৰে।
ৰ’দত শুকাই লৈ তাৰ পিছত সিদ্ধ কৰি তেল-জলকীয়া দি সানি খাব পাৰে।
আলুৰ পৰিবৰ্ত হিচাপেও তৰকাৰী বনাই খাব পাৰে।
কঁঠালৰ গুটি বটি গাখীৰেৰে পায়স বনাবও পাৰে।
** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**
OUR MAIL ID: assamtimespost@gmail.com















