ষ্টাফ ৰিপ’ৰ্টাৰ:
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। AS 01 AF 3900 নম্বৰৰ ছুইফট বাহনখনে মহতিয়াই নিলে এগৰাকী মহিলাক। এই দুৰ্ঘটনাত থিতাতে নিহত হয় পঞ্চমী পাটৰ (৩৮) নামৰ মহিলা গৰাকী। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল বাহনখন।
আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাসন্তী মিথি নামৰ আন এগৰাকী মহিলা।আহত মহিলা গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷












