ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : এগৰাকী তেৰ বছৰীয়া কিশােৰীক শ্লীলতা হানিৰ চেষ্টা কৰাৰ অভিযােগত মাঞ্জা আৰক্ষীয়ে এজন বিবাহিত লােকক গ্রেপ্তাৰ কৰি আজি কাৰাগাৰলৈ প্রেৰণ কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, মাঞ্জা থানাৰ সমীপৱর্তী আলথুৰাম গাঁৱত থকা ৰাজহুৱা কুঁৱাৰ পৰা পানী আনিবলৈ যােৱাৰ সময়তে একে গাঁৱৰে আলিমুদ্দিন নামৰ দুর্বৃত্তটোৱে অন্য কোনাে মানুহ নথকাৰ সুযােগ গ্রহণ কৰি
কিশােৰীগৰাকীৰ শ্লীলতা হানিৰ অপচেষ্টা চলায়।
কিশােৰীগৰাকীয়ে লগে লগে লম্পটটোৰ কৱলৰ পৰা নিজকে ৰক্ষা কৰাৰ চেষ্টা চলাই থকাৰ সময়তে লম্পট চৰিত্রৰ আলিমুদ্দিনৰ পত্নীও উক্ত স্থানত উপস্থিত হৈ কিশােৰীগৰাকীক মাৰ-ধৰ কৰে। ইফালে, উক্ত সময়তে গাঁৱৰ অন্য লােক আহি ঘটনাস্থলীত উপস্থিত হৈ কিশােৰীগৰাকীৰ মূখেৰে সমস্ত ঘটনাৰ বিষয়ে জানিব পাৰি লম্পটটোক আটক কৰি মাঞ্জা আৰক্ষীক খবৰ দিয়ে।
মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত মাঞ্জা থানাৰ আৰক্ষীৰ এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অসৎ চৰিত্রৰ আলিমুদ্দিনক গ্রেপ্তাৰ কৰি পক্ছ আইনৰ অধীনত ৩০/২০২০ নম্বৰৰ এক গােচৰ পঞ্জীয়ন কৰি আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্রেৰণ কৰে।