
১৯৯০ চনত কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ নাৰ্ছ সৰলা ভাটক ধৰ্ষণ আৰু হত্যাৰ গোচৰত জম্মু-কাশ্মীৰ বিচ্ছিন্নতাবাদী সংগঠন লিবাৰেচন ফ্ৰণ্টৰ নেতা ইয়াছিন মালিকৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰা হৈছে। আদালতত ইয়াছিন আৰু আন চাৰিজনক অভিযুক্ত হিচাপে উল্লেখ কৰা হয়।

শ্ৰীনগৰৰ বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা হৈছে যে সৰলাৰ হত্যাকাণ্ড কোনো বিচ্ছিন্ন সন্ত্ৰাসবাদী কাৰ্য নহয়। কাশ্মীৰী হিন্দু পণ্ডিতসকলৰ মনত ভয়ৰ সৃষ্টি কৰি উপত্যকাটোৰ পৰা খেদি পঠিয়াবলৈ এই অপৰাধৰ পৰিকল্পনা কৰা হৈছিল।
উল্লেখ্য যে নব্বৈৰ দশকৰ আৰম্ভণিতে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আৰু দুষ্কৃতিকাৰীৰ হিংসাৰ বাবে কাশ্মীৰী পণ্ডিতসকলে কাশ্মীৰ উপত্যকাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল। সেই সময়ত সন্ত্ৰাসবাদীয়ে নিৰ্বাচিতভাৱে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত অত্যাচাৰ চলাইছিল। সেই সময়ত শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ ইনষ্টিটিউট অব মেডিকেল ছায়েন্সৰ নাৰ্ছ সৰলাক নিৰ্যাতন চলাইছিল।
১৯৯০ চনৰ ১২ এপ্ৰিলৰ নিশা সৰলা চিকিৎসালয়ৰ পৰা কেম্পাছৰ ভিতৰত অৱস্থিত নিজৰ হোষ্টেললৈ গৈ আছিল। অভিযোগনামাত উল্লেখ আছে যে সেই সময়ত মূল ষড়যন্ত্ৰকাৰী ইয়াছিনৰ সহযোগীয়ে গাড়ীত উঠাই লৈ সৰলাক অপহৰণ কৰিছিল।
তেওঁক বন্দী কৰি নিষ্ঠুৰভাৱে নিৰ্যাতন আৰু ধৰ্ষণ কৰা হৈছিল। ইয়াৰ পিছতে তেওঁক গুলীয়াই হত্যা কৰা হয়। তিনিদিন পিছত নিৰ্যাতনৰ চিন থকা আৰু গুলীবিদ্ধ মৃতদেহ শ্ৰীনগৰৰ এটা পথত পেলাই দিয়া হয়। ইয়াৰ পিছত শ্ৰীনগৰৰ ‘টাডা’ আদালতত এফআইআৰ দাখিল কৰা হয় যদিও তদন্তৰ অগ্ৰগতি নহ’ল।
অৱশেষত সৰলাৰ ধৰ্ষণ আৰু হত্যাৰ ৩৫ বছৰৰ পাছত আগষ্ট মাহত এছআইএয়ে নতুন তদন্ত আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে। উল্লেখ্য, ২০২২ চনৰ ২৪ মে’ত নিম্ন আদালতে সন্ত্ৰাসবাদক বিত্তীয় সাহায্য প্ৰদান আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগত ইয়াছিনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
বৰ্তমান তেওঁ দিল্লীৰ তিহাৰ কাৰাগাৰত দোষী সাব্যস্ত হৈ বন্দীদশা কটাই আছে। ১৯৮৯ চনত তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী মুফতি মহম্মদ ছয়ীদৰ কন্যা ৰুবাইয়াক অপহৰণ কৰা আৰু ১৯৯০ চনত শ্ৰীনগৰৰ উপকণ্ঠত ভাৰতীয় বায়ুসেনাৰ চাৰিজন জোৱানক হত্যা কৰা ঘটনাৰ অন্যতম অভিযুক্ত হৈছে ইয়াছিন।











