
ভাৰতীয় ভূখণ্ডৰ ভিতৰত কেইকিলোমিটাৰমান দূৰত চীনৰ পিপ’লছ লিবাৰেচন আৰ্মীয়ে এটা ঘাটি স্থাপন কৰিছে। এই কথা দাবী কৰিছে অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা জনজাতীয় সংগঠন এটাই।

তেওঁলোকৰ অভিযোগ যে ৰঙা চীনৰ দখলৰ বাবে স্থানীয় ৰাইজে যোৱা ছবছৰ ধৰি অঞ্চলটোত খেতি আৰু চৰণীয়া পথাৰ বন্ধ কৰি দিছে।
অৱশ্যে সেনাই এই অভিযোগ খাৰিজ কৰি এক বিবৃতিত কয়, “অৰুণাচল প্ৰদেশত চীনা সৈন্যই অনুপ্ৰৱেশ কৰি তাত শিবিৰ স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিবোৰ মিছা আৰু ভিত্তিহীন।”
অৰুণাচল প্ৰদেশৰ উত্তৰ অংশত চীনে অধিগ্ৰহণ কৰা তিব্বতৰ গাতে লাগি থকা নাহ জনগোষ্ঠীয়ে বাস কৰে। তেওঁলোকৰ সংগঠন ‘নাহ ৱেলফেয়াৰ ছ’চাইটী’ৰ সভাপতি কেৰু চাদৰে টাইমছ অব ইণ্ডিয়াৰ এজন সাংবাদিকক কয়, “উক্ত মাটি আমাৰ পূৰ্বপুৰুষৰ। তেওঁলোকে তাত যুগ যুগ ধৰি চিকাৰ আৰু খেতি কৰি আহিছে।”
কিন্তু তেওঁ অভিযোগ কৰে যে চীনৰ সেনাই ভাৰতীয় ভূখণ্ড বেদখল কৰি আৰু বাধা দি উজনি সোৱণশিৰি জিলাৰ কমেও পাঁচটা অঞ্চলত স্থায়ী আন্তঃগাঁথনি নিৰ্মাণ কৰিছে আৰু স্থানীয় গাঁৱৰ লোকসকলক তালৈ যোৱাত বাধা দিছে।
কেৰুৱে কয় যে বিগত ১২ বছৰত চীনা সেনাই সেই অঞ্চলবোৰত মাজে মাজে বেদখল কৰিছিল। কিন্তু ২০২০ চনত তেওঁলোকে সেই মাটিবোৰ স্থায়ীভাৱে দখল কৰে। তেওঁ কয়, “তেতিয়াৰে পৰা আমি কাৰ্যতঃ তালৈ যোৱা বন্ধ কৰি দিছোঁ।”
তেওঁ কয় যে আছাফিলা অঞ্চলৰ উইং আৰু পানিয়াৰ (চুজাৰ্টা অঞ্চল), মাৰ্পান (মাৰ্নাফে), পোট্ৰাং (হ্ৰদ) আৰু টিণ্ডিংটাঙত (টিজি) এনে বেদখল সংঘটিত হৈছে। উল্লেখ্য যে কেইবছৰমান পূৰ্বে পিএলএৰ বিৰুদ্ধে একেধৰণে লাডাখত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি স্থানীয় পশুপালকসকলক বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
কিন্তু সেই সময়ত কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছিল যে চীনে লাডাখত ভাৰতৰ এক ইঞ্চিও ভূখণ্ড দখল কৰা নাই। ১৯৫০ চনত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মীয়ে (পিএলএ) সেনাধ্যক্ষ মাও জেডঙৰ নিৰ্দেশত স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ তিব্বত দখল কৰিছিল। ইয়াৰ পিছত স্বাধীনতাপ্ৰেমী তিব্বতীসকলৰ বিৰুদ্ধে দমন আৰম্ভ হয়।
পিছত চীনৰ অত্যাচাৰৰ আশংকাত তিব্বতীয় বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ আধ্যাত্মিক নেতা দালাই লামা কেইবা লাখ অনুগামীসহ ভাৰতলৈ গুচি আহে। ভাৰতে তেওঁক আশ্ৰয় দিয়ে। তিব্বতী শৰণাৰ্থীসকলে অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত আশ্ৰয় লাভ কৰে।
তেতিয়াৰে পৰাই দেশখনৰ কমিউনিষ্ট শাসকসকলে সমগ্ৰ অৰুণাচলক ‘চীনা ভূখণ্ড’ বুলি দাবী কৰি মাত মাতিবলৈ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ২০২৪ চনত অৰুণাচল প্ৰদেশৰ আঞ্জো জিলাৰ কাপাপু অঞ্চলত ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰি শিবিৰ স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল চীনা সেনাৰ বিৰুদ্ধে।











