ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে ভাল খবৰ।এন এইচ এমৰ কৰ্মচাৰীৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত।৬০ বছৰলৈ সুৰক্ষিত হ’ব কৰ্মচাৰীসকলৰ চাকৰি। এই সন্দৰ্ভত ইতিমধ্যে আৰম্ভ হৈছে প্ৰাৰম্ভিক প্ৰক্ৰিয়া। উল্লেখযোগ্য যে, ক’ৰোণাৰ মহামাৰীৰ বিৰুদ্ধে যুঁজত প্ৰধান ভূমিকা পালন কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলৰ মনত থকা অনিশ্চয়তা দূৰ কৰিবলৈ এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।
এই সন্দৰ্ভত যোৱা ২৭ আগষ্টত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে এন এইচ এমৰ মিছন সঞ্চালকাললৈ পত্ৰ প্ৰেৰণ কৰি ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰিৰ ম্যাদ বৃদ্ধি, ই এল, চি এল, মাতৃত্বকালীন ছুটি, গ্ৰেচুইটি আদিৰ সুবিধা প্ৰদানৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।
উল্লেখযোগ্য যে, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱা ৭ জুনতে এন এইচ এমৰ কৰ্মচাৰীৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ সন্দৰ্ভত প্ৰথমাবাৰলৈ আনুষ্ঠানিক ভাবে সিদ্ধান্ত লোৱা হৈছিল।












