ফাইবাৰ, খনিজ, ভিটামিনেৰে পূর্ণ আৰু অত্যন্ত স্বাস্থ্যকৰ বস্তুটো হ’ল ফল। যিসকলে ওজন কমাব বিচাৰে, তেওঁলোকৰ বাবে ফল এবিধ আদর্শ খাদ্য। সমগ্ৰ বছৰেই বিভিন্ন ধৰণৰ ফল পোৱা যায়, প্রতিটোৰেই পৃথক পৃথক স্বাস্থ্য সুবিধা আছে।
বৰ্তমান সময়ত পৰ্যাপ্ত ফল এবিধ হৈছে নাচপতি। ফলবিধ পুষ্টিগুণত সম্পূৰ্ণ যি ছাল, ওজন হ্রাস আৰু স্বাস্থ্যৰ বাবে ভাল। ইয়াৰ কিছু উপকাৰিতাৰ কথা প্রকাশ কৰিছে টাইমছ অব ইণ্ডিয়াই।
পুষ্টিৰ মান
এটি মজলীয়া আকাৰৰ নাচপতিত থাকে :
কেলৰি : ১০১ গ্ৰাম
প্রটিন : ১ গ্রাম
কার্বছ : ২৭ গ্রাম
ফাইবাৰ : ৬ গ্রাম
ভিটামিন চি : দৈনিক চাহিদাৰ ১২%
ভিটামিন কে : দৈনিক চাহিদাৰ ৬%
পটাচিয়াম : দৈনিক চাহিদাৰ ৪%
তাম : দৈনিক চাহিদাৰ ১৬%
ইয়াত পলিফেনল নামে কিছু পৰিমাণৰ ফলেট, প্রোভিটামিন এ, নিয়াচিন আৰু এন্টিঅক্সিডেন্টও আছে।
ওজন কমোৱাত সহায় কৰে
নাচপতি কম কেলৰি, পানীৰ উপাদান সমৃদ্ধ আৰু ফাইবাৰযুক্ত। খাদ্যৰ ভিতৰত নাচপতি ৰাখিলে সি আপোনাক আৰু দীর্ঘ সময়ৰ বাবে পূর্ণ ৰাখে আৰু অস্বাস্থ্যকৰ খাদ্যৰ পৰা দূৰত ৰাখে। এটি ১২ সপ্তাহৰ সমীক্ষাত দেখা গৈছে যে, যিসকলে প্রতিদিনে ২টা নাচপতি খাইছে তেওঁলোকৰ কঁকালৰ পৰিধি ১.১ ইঞ্চি হ্রাস পাইছে।
হজমৰ সমস্যা সহজ কৰে
নাচপতি দ্রবণীয় ফাইবাযুক্ত, যি হজম স্বাস্থ্যৰ বাবে প্রয়োজনীয়। যদি আপোনাৰ অন্ত্রৰ স্বাস্থ্য ভালে থাকে তেতিয়া হজম ব্যৱস্থাই আৰু ভাল কাম কৰিব। মলত্যাগ কৰাত অসুবিধা নহয় আৰু অভ্যন্তরীণ অঙ্গবোৰে আৰু ভাল পদ্ধতিত কাম কৰিব। ইয়াৰ দ্বাৰা অতিৰিক্ত কেলৰি নোহোৱা কৰা সহজ হ’ব।
এন্টি-ইনফ্লেমেটৰি বৈশিষ্ট্য
নাচপতিত ফ্লেভনয়েড নামৰ এবিধ এন্টিঅক্সিডেন্ট আছে যিয়ে প্রদাহৰ সৈতে যুঁজ আৰু কার্ডিওভাছকুলাৰ ছিষ্টেমৰ সৈতে যুক্ত দীর্ঘস্থায়ী ৰোগৰ সম্ভাৱনা হ্রাস কৰিব পাৰে। ইয়াৰ উপৰি ইয়াত প্রচুৰ পৰিমাণে জিংক, ভিটামিন চি আৰু কে আছে, যিয়ে প্রদাহ হ্রাসত সহায় কৰে।
কেন্সাৰৰ সম্ভাৱনা হ্রাস কৰে
নাছপতিত কিছু নির্দিষ্ট যৌগ আছে যিয়ে কেন্সাৰজনিত কোষৰ বৃদ্ধিক ৰোধ কৰিব পাৰে। এন্থোছায়ানিন আৰু চিনেমিক এচিড দৰে যৌগত কেন্সাৰ-বিৰোধী বৈশিষ্ট্য দেখা গৈছে।
নাচপতি সঁচাকৈয়ে খুব স্বাস্থ্যকৰ আৰু পুষ্টিকৰ। গতিকে, এই বতৰত খাদ্যৰ তালিকাত এই ফল অৱশ্যেই অন্তর্ভুক্ত কৰা উচিত।















