নিউজ ডেক্স:
ক’ৰোনা ভাইৰাছৰ বাবে ২০২১ বৰ্ষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী সলনি হ’ব।ফেব্ৰুৱাৰী পৰিৱৰ্তে মাৰ্চ মাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা-এই কথা প্ৰকাশ কৰিছে ছেৱাই।
উল্লেখ ক’ৰোনা বাবে চলিত বর্ষত ৬ মাহ ধৰি বন্ধ হৈ আছে বিদ্যালয়।তেনে পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ বাবে ইতিমধ্যে ৩০ শতাংশ মূল বিষয় হ্ৰাস কৰা কথা ঘোষণা কৰিছে মাধ্যমিক শিক্ষা সংসদে।
ইফাল আজি পৰীক্ষাৰ সমূহ অহা বর্ষত ফেব্ৰুৱাৰী পৰিৱৰ্তে মাৰ্চ পৰা অনুষ্ঠিত কৰা বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ছেৱাই।এই কথা সংবাদ মাধ্যমক জনালে ছেৱা অধ্যক্ষ আৰ চি জৈনে।












