নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২৩৪৩ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২৩৪৩ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে শনিবাৰৰ দিনটোত ৰাজ্যত ৩৫১৪৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৬৯৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৭০০ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৫১গৰাকী লক্ষীমপুৰ, ১৪২ গৰাকী কামৰূপৰ।আক্ৰান্তৰ হাৰ ৭.৬৭ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২৩৯২২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮৫০৭ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৯৫০৬০ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৩৫২গৰাকীলৈ বৃদ্ধি পালে।












