নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২০২০ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২০২০গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে শুক্ৰবাৰৰ দিনটোত ৰাজ্যত ৩৯৩৪৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৮৯১ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৬৭০জন কামৰূপ মেট্ৰ, ২৩২জন কামৰূপ (গ্ৰাম্য)ৰ , ১৭৫ জন কৰিমগঞ্জ আৰু ১৫১জন ডিব্ৰুগডৰ।আক্ৰান্তৰ হাৰ ৭.৩৪ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২১২২২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩০১৯৭ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৯০৬৯৭ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৩৪৫ গৰাকীলৈ বৃদ্ধি পালে।












