
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমাগত ২০২১ চনত অসমত বিধানসভা নিৰ্বাচন! সেই মৰ্মে বিভিন্ন ৰাজনৈতিক দলে ভোটাৰৰ মন আকৰ্ষিত কৰাৰ বাবে নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুত কৰি থকাৰ সময়ত দিল্লীৰ জনপ্ৰিয় নেতা অৰবিন্দ কেজৰিয়ালৰ নীতি-আদৰ্শেৰে অসমতো এখন দুৰ্নীতি-ভ্ৰষ্টাচাৰমুক্ত আৰু উন্নয়ণমুখী এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ আম আদমী পাৰ্টীয়ে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰি দিছে ৷ এই উদ্দেশ্যে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মাৰ নেতৃত্বত এক অভিজ্ঞ দল সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা আৰম্ভ কৰিছে৷ সেই একেই উদ্দেশ্যলৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ৰাজনীতিতো আত্মপ্ৰকাশ কৰিছে আম আদমী পাৰ্টীয়ে ৷

আম আদমী পাৰ্টীৰ জিলা সভাপতি মিণ্টু পাটৰ আৰু সাধাৰণ সম্পাদক কাৰ্তিক বে’ৰ নেতৃত্বত বৃহস্পতিবাৰে ডিফুৰ ৬ কিলোত পাৰ্টীৰ মুখ্য কাৰ্যালয় অনুষ্ঠিত এক কাৰ্যনিৰ্বাহক সভাত উপস্থিত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰিক্ষক কেইবাগৰাকী ৰাজ্যিক নেতা ৷ কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমৰ্থকসকলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক অতিথিসকলক উষ্ম আদৰণি জনায় ৷ দলীয় কৰ্মীক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মা আম আদমী পাৰ্টীৰ নীতি-আদৰ্শেৰে অসমত তথা কাৰ্বি আংলঙত এখন উন্নয়ণ মুখী দৰিদ্ৰ জনসাধাৰণৰ কল্যাণকামী চৰকাৰ গঠন কৰাৰ মত পোষণ কৰে ৷ অসমত দিল্লীৰ দৰে বিনামুলীয়া বিজুলী, পানী, শিক্ষা মহিলা সুৰক্ষা দিব পৰা এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ কৰ্মীসকলক ৰাইজৰ মাজত সোমাই গৈ আম আদমী পাৰ্টীৰ নীতি-আদৰ্শ বুজাই দিবলৈ আহ্বান জনায়৷
ইয়াৰোপৰি আম আদমী পাৰ্টীৰ কথাৰে নহয় কামত পৰিচয় দিয়ে বুলি কৈ অসমৰ সৰু-বৰ দলক আম আদমী পাৰ্টীত যোগদান কৰিবলৈ আহ্বান জনায় ৷
আনহাতে আম আদমী পাৰ্টীৰ ছ’চিয়েল মেডিয়াৰ ইনচাৰ্জ লক্ষ্মীকান্ত ডুবেই সাংবাদিৰ আগত কয় যে, আম আদমী পাৰ্টী আগন্তুক বিধানসভা নিৰ্বাচনত ১২৬টা সমষ্ঠীতে প্ৰাৰ্থী দিব, সেইবাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলৰ আন্তঃগাঁথনি মজবুত কৰাৰ লগতে যোগ্য নেতা বাছনিৰ প্ৰক্ৰিয়া চলি আছে বুলি জনায় ৷ আম আদমী প্ৰাৰ্থীৰ বোকোচাত উঠি অসম তথা কাৰবি আংলঙতো দূৰ্নীতি-ভ্ৰষ্টাচাৰমুক্ত এখন চৰকাৰ গঠন কৰাই দলৰ উদ্দেশ্য বুলি কয় ৷

ইয়াৰোপৰি আম আদমী পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিণ্টু পাটৰে সাংবাদকৰ সৈতে বাৰ্তালাপত কয় যে, পাহাৰীয়া জিলা কাৰ্বি আংলঙত দুৰ্নীতি-ভ্ৰষ্টাচাৰ মুক্ত কৰিবলৈ আম আদমী পাৰ্টীৰ প্ৰয়োজন হৈছে ৷ আম আদমী পাৰ্টীয়ে জাত-পাত, ধৰ্মৰ ৰাজনীতি নকৰে, কেৱল উন্নয়ণৰ ৰাজনীতি কৰে ৷ বহু কম সময়ৰ ভিতৰত পাহাৰত ৰাইজে আম আদমী পাৰ্টীক আকোঁৱালি লৈছে ৷ অতি শীঘ্ৰে আম আদমী পাৰ্টীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ দখল কৰিবলৈ সক্ষম হব বুলি কয় জিলা সভাপতি গৰাকীয়ে ৷
আনহাতে, সভাৰ মাজতে ৰাষ্ট্ৰীয় নিৰিক্ষকজনে কৰ্মীসকলক গাঁৱে-ভূঁয়ে প্ৰৱেশ কৰি দলৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে কৰোনা কালত ৰাইজৰ স্বাস্থ্যৰ বুজ ল’বলৈ কেইবাটাও অক্সিমিটাৰ প্ৰদান কৰে ৷












