নিউজ ডেক্স:
ৰাজ্য চাহ বাগিচা শ্ৰমিকৰ বাবে ভাল খবৰ।১৫ নৱেম্বৰৰ ভিতৰত “চাহ বাগিছা ধন পুৰস্কাৰ মেলা” আঁচনি অধীনত খোলা বেংক একাউণ্টত জমা হ’ব আকৌ ৩০০০ টকাকৈ- ঘোষণা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
২০১৭-১৮ বিত্তবর্ষত আঁচনিৰ অধীনত ৬ লাখ ৩৩ হাজাৰ ৪১১টা বেংক খোলা হৈছিল।২০১৮-১৯ বৰ্ষত ইয়াৰ সৈতে ৭৫ হাজাৰ যোগ হৈ ৭ লাখ ১৫ হাজাৰ ৯৭৯ টালৈ বৃদ্ধি হৈছিল একাউন্ট।সেই সময়ত অসম চৰকাৰে উক্ত একাউণ্টত জমা দিছিল ২৫০০টকাকৈ।পুনৰ এইসমূহ একাউণ্টত ৩০০০টকাকৈ জমা দিব চৰকাৰে- মন্ত্ৰী শৰ্মাই কয়।
গুৰুত্বপূৰ্ণ কথা এই যে ২০২১ৰ নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চাহ শ্ৰমিকৰ ভোটাৰক আকৰ্ষণ কৰা বাবে চৰকাৰে ঘোষণা কৰিছে এই কথা।












