নিউজ ডেক্স:
২০১৭-১৮ বৰ্ষ বাজেটত ঘোষণা কৰা স্বামী বিবেকানন্দ যুৱ শক্তি যোজনা চমুকৈ স্বয়ম্ আঁচনিৰ অধীনত ৰাজ্য দুই লাখ নিবনুৱালৈ সু-খবৰ দিলে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।স্বয়ম্ আঁচনিৰ সংশোধন ঘটাই পোনপটীয়াকৈ ৰাজ্য চৰকাৰে ১০০০কোটি টকা তিনিমাহৰ ভিতৰত বিতৰণ কৰিব দুই লাখ যুৱক-যুৱতীৰ মাজত।এই কথা জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।
উল্লেখ আঁচনি সুবিধা লাভ কৰিবলৈ যুৱক-যুৱতী সকলৰ আত্মসহায়ক গোট থকাটো প্ৰয়োজন।যিসমূহ গোট চলিত বৰ্ষ পহিলা ছেপ্টেম্বৰ ভিতৰত আৰম্ভ হৈছে সেই সকলোৱে কৰিব পাৰিব আৱেদন।যুৱক-যুৱতীসকল প্ৰদান কৰা পুঁজি পৰিশোধ কৰিব নালাগে চৰকাৰক- জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে।
নিৰ্বাচিত গোট সমূহৰ প্ৰতিজন সদস্যক আঁচনিৰ অধীনত ৫০ হাজাৰকৈ টকা অনুদান লাভ কৰিব।ইয়াৰ বাবে ৰাজ্য বিত্ত বিভাগে ১৬ ছেপ্টেম্বৰত আৰম্ভ কৰিব এটা পৰ্টেল।উক্ত পৰ্টেলত কৰিব লাগিব আৱেদন।পৰৱৰ্তী পৰ্যায়ত গোট সমূহৰ ঠিকনা মতে নিজ-নিজ জিলালৈ প্ৰেৰণ কৰা হ’ব আৱেদন সমূহ।জিলা পৰ্যায়ত গঠন হ’ব এখন কমিটি।কমিটিয়ে নিৰ্বাচন কৰিব আৱেদনকাৰী গোট সমূহক।গুৰুত্বপূৰ্ণ কথা এই জিলা পৰ্যায়ত গঠিত কমিটিত নাথাকিব কোনো ৰাজনৈতিক নেতা- মন্ত্ৰী।
আনহাতে জিলা পৰ্যায়ত নিৰ্বাচন হোৱা পিচতে তিনিদিনৰ বাবে দিয়া হব প্ৰশিক্ষণ।প্ৰশিক্ষণৰ সময়ত দাখিল কৰিব লাগিব ব্যৱসায় পৰিকল্পনা।কৃষি, ঠিকা, উদ্যান শস্য সকলো কামত জড়িত হ’ব পাৰিব উক্ত আঁচনি জৰিয়তে।
হিতাধিকাৰী হ’বলৈ প্ৰয়োজনী অৰ্হতা হ’ব মেট্ৰিক উৰ্ত্তীণ।বয়সৰ উদ্ধসীমা ৪০ বছৰ।
শৰ্মাই জানিবলৈ দিয়া অনুসৰি গড়কাপ্তানী বিভাগৰ তৃতীয় শ্রেণীৰ সকলো ধৰণৰ ঠিকা উক্ত আঁচনিৰ হিতাধিকাৰী সকলক দিয়া কথাও উল্লেখ কৰে।সৰ্বাধিক ৫০লাখ টকা ঠিকা এইসকল লোকে কৰিব পাৰিব।












