ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা বাবে জাতীয় উৎসৱ ৰঙালী বিহু বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া চৰকাৰে কি যুক্তিত দুৰ্গা পূজা আয়োজনৰ অনুমতি দিছে?- আলফা(স্বা) ক’ৰোনা আতংকৰ মাজতে শাৰদীয় দুৰ্গা পূজাৰ আয়োজনৰ চৰকাৰৰ অনুমতিক বিৰোধিতা আলফা(স্বা) ৰ।
সংবাদ মাধ্যমলৈ সংগঠনটোৰ পৰা প্ৰেৰণ কৰা বিবৃত্তিত উল্লেখ কৰিছে এইদৰে -কভিড-১৯ য়ে অসমৰ ৰাইজৰ মাজত সংক্ৰমণৰ ৰূপ লোৱা সময়তে অসম চৰকাৰে শাৰদীয় দুৰ্গাপূজা আয়োজন কৰিবলৈ লোৱা আঁচনিক আমি বিৰোধিতা কৰিছোঁ”।
“কভিড-১৯ৰ বাবে অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া চৰকাৰখনে কি যুক্তি আধাৰত দুৰ্গা পূজা আয়োজনৰ অনুমতি দিছে”- সংগঠনটোৱে কয়।
অসমৰ সমাজ বা জাতিৰ ধৰ্মভিত্তিক নহয়।তেনে স্থলত মোডীক সন্তুষ্ট কৰা স্বাৰ্থত অতি হিন্দু হবলৈ যোৱা অসম চৰকাৰ খনে জনস্বাস্থ্য বিৰোধী সিদ্ধান্ত বাতিল আৰু দুৰ্গা পূজা বন্ধ কৰা আহ্বান জনাইছে সংগঠনটোৱে।












