স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে চাহ এবিধ আদর্শ পানীয়। চাহৰ নানা উপকাৰিতা আছে।চাহক আৰু সুস্বাদু কৰি তুলিবলৈ বহুতেই ইয়াৰ লগত বিভিন্ন বস্তু মিহলায়। চেনি আৰু গাখীৰ দিয়া চাহ সাধাৰণতে প্রচলিত হ’লেও চাহৰ লগত বহুতেই নেমুৰ ৰস, মৌ, আদাৰ ৰস আৰু অন্যান্য কিবাকিবি মিহলায়। ইলাচি, তুলসীৰ পাতো বহু সময়ত চাহত মিহলাই খোৱা হয়।
কিন্তু কেতিয়াবা গুড় দিয়া চাহ খাইছেনে? শুনিয়েই নাক নোকোচাব। গুড়ত আছে নানা ধৰণৰ উপকাৰিতা। শৰীৰক সুস্থ আৰু সবল কৰি ৰাখিবলৈ গুড়ৰ বিভিন্ন ধৰণৰ সহায় আছে। চাহত চেনি নিদিয়াৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে। কিয়নো চেনিত কোনো উপকাৰিতা নাই বুলিয়েই ক’ব পাৰি। সেয়ে মিঠা সোৱাদ এৰিব নোৱাৰিলে চাহত চেনিৰ সলনি গুড় মিহলাব পাৰে।
গুড়-চাহৰ একাধিক উপকাৰিতা আছে বুলি কয় বিশেষজ্ঞসকলে।
* এক কাপ গুড় দিয়া চাহ খালে সি আমাৰ শৰীৰৰ খাদ্য হজমত সহায়ক এনজাইমবোৰ সক্রিয় কৰিব। সেই কাৰণে গুড়-চাহ হজমৰ ক্ষেত্রত উপকাৰী।
* গুড়ত থকা মেঙ্গানিজে ডিঙিৰ সুৰসুৰনি, শ্বাসকষ্ট আৰু এলার্জি প্রতিৰোধ কৰে। ইয়াক খালে ব্রংকিয়েল মাছলবোৰে আৰাম পায়। ফলত ডিঙি আৰু শৰীৰ বহু বেছি পৰিমাণে সতেজ হ’ব পাৰে।
* গুড়ত আছে প্রচুৰ পৰিমাণৰ আয়ৰন। সেই কাৰণে গুড় খালে ৰক্তত হিমগ্লোবিনৰ পৰিমাণ বাঢ়ে আৰু এনিমিয়াৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়।
* গুড় আমাৰ লিভাৰ পৰিষ্কাৰ কৰাৰ সহায়ক।
* ই অকৃত্রিম মিঠাৰ ভাণ্ডাৰ। শৰীৰত গুড়ৰ মিঠাই কেতিয়াও মধুমেহ বা ব্লাড ছুগাৰ লেভেল নবঢ়ায়।
* শৰীৰত পানীৰ ভাৰসাম্য বজায় সহায় কৰে গুড়। এক কাপ গুড় দিয়া চাহ খালে শৰীৰৰ নানা সমস্যাৰ পৰা মুক্তি পোৱা যায়। আনকি জ্বৰ হ’লেও গুড় দিয়া চাহ অত্যন্ত উপকাৰী।
* পিৰিয়ডৰ সময়ত যিসকল মহিলাৰ পেট আৰু কঁকালত অসহ্য যন্ত্রনা হয়, তেওঁলোকৰ বাবে গুড়-চাহ অত্যন্ত উপকাৰী। পিৰিয়ডৰ বিষ কম কৰাত সহায়ক হ’ব গুড়।














