
ডিফু : কার্বি আংলং জিলাত ভয়াবহভাবে মহামাৰী কৰোনাত আক্রান্ত হৈছে শিক্ষক সমাজ। অসম চৰকাৰৰ শিক্ষা বিভাগে অলপতে ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়ত উপস্থিতি বাধ্যতামুলক ঘোষণা কৰি শিক্ষকসকলক ইয়াৰ পূর্বেই কভিড-১৯ৰ পৰীক্ষা সম্পন্ন কৰাৰ নির্দেশ প্রদান কৰিছিল। উক্ত চৰকাৰী নির্দেশনাৰ পিছতে শিক্ষকসকলৰ দেহত কৰোনাৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতে জিলাখনৰ বুজন সংখ্যক শিক্ষক শিক্ষয়িত্রী কৰোনাত আক্রান্ত হৈ থকাৰ তথ্য পোহৰলৈ আহে।
জানিব পৰা মতে, জিলাখনত এতিয়া পর্যন্ত অর্ধেকসংখ্যক শিক্ষক-শিক্ষয়িত্রীৰ কভিড-১৯ৰ পৰীক্ষা সম্পন্ন হোৱা নাই। বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৩ জনকৈ শিক্ষক-কর্মচাৰী একেদিনাই কৰোনাত
আক্রান্ত হৈ সম্প্রতি চিকিৎসাধীন। বিদ্যালয়ৰ আন কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্রীব কভিড-১৯ৰ পৰীক্ষা এতিয়াও সম্পন্ন হোৱা নাই। এনে পৰিস্থিতিয়ে শিক্ষক সমাজৰ লগতে জিলাখনৰ সচেতন মহলকো শংকিত কৰি তুলিছে। অৱশ্যে, পর্যায়ক্রমে জিলাখনৰ সকলো শিক্ষক-শিক্ষয়িত্রীৰ ক’ভিড-১৯ৰ পৰীক্ষা কৰোৱাৰ ব্যবস্থা কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
ইফালে, জিলাখনৰ বিভিন্ন প্রান্তৰ ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্রী কৰোনাত আক্রান্ত হোৱাৰ লগতে পাহাৰীয়া জিলাখনত কৰোনাক কেন্দ্র কৰি এক জটিল পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যোৱা ২৪ ঘন্টাত জিলাখনত ক’ভিড-১৯ত আক্রান্ত লোকৰ সংখ্যাই দুহাজাৰৰ সীমা অতিক্রম কৰা বুলি জানিব পৰা গৈছে। কৰোনা আক্রান্ত ৰোগীৰ বাবে চিকিৎসালয়ত সীমিত পৰিমাণৰ আসন থকাৰ বিপৰীতে দৈনিক ব্যাপক হাৰত কৰোনা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাটো এক উদ্বেগজনক বিষয় হিচাপে পৰিগণিত হৈছে।
আনহাতে, ডিমা হাচাওৰ জিলা উপায়ুক্ত পল বৰুৱা আজি ক’ভিড-১৯ত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। দেহত ক’ভিড-১৯ৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতে উপায়ুক্তগকাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হয়।













