নিউজ ডেক্স:
অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল৷ ক্ষমতালৈ আহিলে উঠাই ল’ব কা আন্দোলনৰ সৈতে জড়িত গোচৰ৷ শুকুৰবাৰে বহুকেইটা নিবাৰ্চনী ইচ্ছ্যুলৈ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ সংবাদমেল সম্বোধন কৰিয়েই ৰিপুণ বৰাৰ ঘোষণা, ২০২১ত কংগ্ৰেছ চৰকাৰ গঠন হ’লে এসপ্তাহৰ ভিতৰত উঠাই লোৱা হ’ব কা’ আন্দোলনত জড়িত লোকৰ ওপৰত থকা সকলো গোচৰ ৷
ৰিপুণ বৰাৰ মতে, চৰকাৰ এতিয়া বিত্তীয় সংকটত ভুগিছে, সেইকাৰণে কোভিড আক্ৰান্তৰ পৰা বিল লোৱাৰ কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
কিন্তু তাৰ মাজতে নামঘৰলৈ অনুদান, অৰুণোদয় আঁচনিৰ টকা কেনেকৈ আহিব, সেয়া শ্বেতপত্ৰৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰিবলৈ আহ্বান জনাই ৰিপুণ বৰাই ৷নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে বুলি দাবী কৰিলে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।












