ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ক্রমাৎ চমু চাপি আহিবলৈ লােৱাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ সময়তে আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি মুঠ সাতাইশগৰাকী নেতা-কর্মীয়ে আনুষ্ঠানিকভাবে বিজেপি দলত যােগদান কৰে।
এই উদ্দেশ্যে ডিফুস্থিত জিলা বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হােৱা একবিশেষ যােগদান সভাত কংগ্রেছ, এ পিএইচ এল চি, এইচ এছ ডি চি দল ত্যাগ কৰি এইসকল নেতা-কর্মীয়ে বিজেপিত যােগদান কৰে। আজিৰ যােগদান কৰা সকলৰ ভিতৰত এ পি এইচ এল চি দলব বিত্ত সম্পাদক, এইচ এছ ডি চি দলৰ কেন্দ্রীয় সমিতিৰ সদস্যকে ধৰি কেইবাগৰাকী নেতাই নিজ দল ত্যাগ কৰি সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক দিশত বিকাশ আৰু উন্নয়নৰ বাবে বিজেপিত যােগদান কৰা বুলি নিজ অনুভব প্রকাশ কৰে।
সাংসদ হৰেণছিং বে’ সভাখনত উপস্থিত থাকি দলত নতুনকৈ যােগদান কৰা সদস্যসকলক আদৰণি জনায়।নিজৰ ভাষণত সাংসদ হৰেন সিং বেই স্থানীয় এমএচি ৰিচাৰ্ড টকবিক দলৰ বাবে আগবঢ়োৱা তেওঁৰ কঠোৰ শ্ৰম আৰু সমৰ্পিত মনোভাৱৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। লগতে দলত যোগদান কৰা বিভিন্ন দলৰ সদস্যসকলক আদৰণি জনায়।
আজিৰ যােগদান সভাত কার্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণৰ লগতে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ইএম জগত সিং ইংতি, অমৰ সিং টিছ, প্ৰদীপ ৰংপি, প্ৰদীপ ডিফুচা, ৰাজু টিছ, শ্ৰীমতী কাছে ৰংপিপি, এমএচি ৰিচাৰ্ড টকবি, শ্ৰীমতী সীমা ৰংপিপি, প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেঙ আৰু অন্যান্য দলীয় নেতাসকল আদি উপস্থিত থাকে।














