দৈৰ প্রচুৰ সুবিধাৰ কাৰণে সমগ্ৰ বিশ্বৰ এবিধ প্রিয় খাদ্য। কোৱা হয় যে গাখীৰতকৈও দৈ বেছি উপকাৰী। দৈ স্বাস্থ্য আৰু সৌন্দর্য উভয়ৰ বাবেই খুব ভাল। ভাৰতৰ উপৰি বিদেশৰ লোকসকলেও দিনৰ ভাগত এই খাদ্য গ্রহণ কৰে।
চিকিৎসক আৰু ডায়েটিচিয়ানসকলে দুপৰীয়াৰ খাদ্যত এক বাটি দৈ খোৱাৰ পৰামর্শ দিয়ে। সতেজ দৈত প্রচুৰ পুষ্টি আছে যি আমাৰ দেহৰ বাবে উপকাৰী। গাখীৰত অধিক মাত্ৰাত ফেট আৰু মসৃণতা আছে যাৰ কাৰণে ই কিছু সময় পিছত শৰীৰত পার্শ্ব প্রতিক্রিয়া সৃষ্টি কৰে।
কিন্তু দৈত ফেট খুব কম। হার্ট বা হৃদপিণ্ডৰ বাবে উপকাৰী বৰ্তমান সময়ত হার্ট সম্পৰ্কীয় সমস্যা বয়স অনুসৰি দেখা নাযায়, খাদ্যৰ কাৰণে এই সমস্যাত কম বয়সতেই মুখামুখী হ’বলগা হয়। ইয়াৰ পৰা দূৰৈত থাকিবলৈ দৈ ব্যৱহাৰ কৰা উচিত।
প্রতিদিনে দৈ খালে আপোনাৰ হৃদপিণ্ডৰ যত্ন লয়।হাড় শক্তিশালী কৰে দৈত কেলচিয়াম আছে যি দেহৰ হাড়ৰ বাবে গুৰুত্বপূর্ণ। হাড় আৰু দাঁত ইয়াৰ ব্যৱহাৰৰ দ্বাৰা শক্তিশালী হয়।
পাচনতন্ত্রক শক্তিশালী কৰে দৈ খালে হজম সঠিকভাবে হয়, কোষ্ঠকাঠিন্য, গেছ, এচিডিটিৰ দৰে সমস্যাসমূহ নোহোৱা হয়।ওজন হ্রাসত সহায়ক দৈ খোৱাৰ ফলত ক্ষুধা কমায়।
দৈত প্রটিন আৰু কেলচিয়াম বেছি থাকে, যি ওজন নিয়ন্ত্রণত সহায়ক। দৈত কেলৰিৰ পৰিমাণো কম। ই শৰীৰৰ পৰা অতিৰিক্ত মেদ হ্রাস কৰে। ছালৰ বাবে উপকাৰী দৈয়ে মুখৰ উজ্জ্বলতা বৃদ্ধি কৰে, মুখৰ পৰা টেনিং আৰু ময়লা দূৰ হয়। ই শালমইনা, দাগসমূহতো অতি ভাল কাম কৰে।














