ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বি আংলং জিলাএনএছইউআইয়ে আজি এখনস্মাৰক পত্রযােগে অসম বিজেপি কিষাণ মর্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক জিলাখনলৈ অহাৰ ক্ষেত্রত নিযিদ্ধ কৰাৰ বাবে মুখ্যমন্ত্রীলৈ এখন স্মাৰকপত্র প্রেৰণ কৰে।
জিলা উপায়ুক্তৰ জৰিয়তে প্রেৰণ কৰা স্মাৰকপত্রযােগে সংগঠনটোরে কয় যে বহু বিতর্কিত মন্তব্যৰে ভাতৃঘাটী সংঘৰ্ষ সূচনা কৰিবলৈ আৰু শান্তি সম্প্রীতি বিনষ্ট কৰাৰ বাবে বৰা বিতর্কিত মন্তব্যৰে সংবাদমাধ্যমৰ শিৰোনামাত আছে ৷
বিগত বহুদিন ধৰি সত্যৰঞ্জন বৰাই চৰম সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে ৷বৰা কার্বি আংলং জিলালৈ সংগঠনৰ কামৰ বাবে চলিত মাহৰ শেষৰফালে জিলাখন ভ্ৰমণলৈ আহিব বুলি দাবী কৰি সংগঠনটোৱে বৰাৰ আগমন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে।
সংগঠনটোৱে কয় যে বৰাৰ ভ্ৰমণে অথবা তেওঁৰ বিতর্কিত মন্তব্যই জিলাখনৰ শান্তি
সম্পীতি বিনষ্ট কৰাৰ আশংকা আছে বুলি অভিযোগ কৰে।













