নিউজ ডেক্স:
আগত বেছি দিন নাই শাৰদীয় দুৰ্গা পূজালৈ৷ ক’ৰোনা ভাইৰাছৰ প্ৰকোপত আন উৎসৱবোৰৰ দৰে এইবাৰ দুৰ্গা পূজা ম্লান হৈ পৰিব নেকি তাকে লৈ বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে৷ এইবাৰৰ দুৰ্গা পূজা ৰংবিৰঙৰ সমাহাৰ হ’ব নে বুলি প্ৰশ্ন উদয় হৈছে৷
গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ আন ঠাইবোৰত পূৰ্বৰ দৰে জাক-জমজমকতা দেখিবলৈ পোৱা নাযাব বুলি প্ৰকাশ৷ ফলত পূজা মণ্ডপবোৰত ৰংবিৰং দৃশ্যৰ লগতে সুউচ্চ মূৰ্তিৰ প্ৰতিমা দেখিবলৈ পোৱা নাযাব বুলি ধাৰণা কৰা হৈছে৷ ক’ৰোনা মহামাৰীৰ বাবে এইবাৰ একেবাৰে অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পূজা কমিটীসমূহে।
মহানগৰীৰ ৭৫ শতাংশ পূজা কমিটীয়ে দেৱীৰ প্ৰতিমা সলনি কৰিব ঘট পূজা। ইয়াৰ উপৰি ক’ৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পূজা কমিটীসমূহে সাংস্কৃতিক সন্ধ্যা বাতিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গুৱাহাটী জিলা প্ৰশাসন আৰু আৰক্ষী উচ্চ পদস্থ বিষয়াৰ সৈতে পূজা কমিটীৰ বিষয়ববীয়াসকল এখন বৈঠকত মিলিত হয়। বৈঠকত ২০০ৰো অধিক পূজা সমিতিৰ মতামত গ্ৰহণ কৰে জিলা প্ৰশাসনে।
বৈঠকত লোৱা সিদ্ধান্ত সমূহ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত লয়। আৰু চৰকাৰৰ ফালৰ পৰা দিবলগীয়া নিৰ্দেশাৱলীক সন্মান জনাই আয়োজন কৰিব এইবাৰৰ দুৰ্গা পূজা।ইফালে সমাগত বিশ্বকৰ্মা পূজাৰ ক্ষেত্ৰত সামাজিক দূৰত্ব মানি কেৱল ৫০ জন লোক লৈ পূজা আয়োজন কৰাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে। দুৰ্গা পূজাৰ ক্ষেত্ৰত এতিয়া কেৱল অপেক্ষা চৰকাৰৰ নিৰ্দেশনালৈ।












