নিউজ ডেস্কঃ
পুনৰ অসমত ৯ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। শেহতীয়াকৈ কৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
ক’ৰোণাত মৃত্যু হোৱা এই ৯ জন ব্যক্তি হৈছে ক্ৰমে যোৰহাটৰ বুলিন্দ্ৰ নাথ বৰা আৰু তীৰ্থ গগৈ ,হোজাইৰ পৰা পাপৰি নন্দী, মানতোষ ৰয় আৰু নজৰুল ইছলাম, নলবাৰীৰ পৰা কেশৱ চন্দ্ৰ দাস , ধেমাজিৰ পৰা প্ৰণীতা ভৰালী, কৰিমগঞ্জৰ পৰা হিমাংশু সেনগুপ্তা আৰু ডিব্ৰুগড়ৰ পৰা সোৱাল দে। ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা হৈছে ৩১৫ গৰাকীলৈ বৃদ্ধি পালে।












