ষ্টাফ ৰিপ’ৰ্টাৰ:
২০২১ চনত অসম বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্য চৰকাৰে এখনৰ পিছত আনখন আঁচনি ঘোষণা কৰিবলৈ তৎপৰ হৈ পৰিছে৷ ইয়াৰ এক অংশৰ দৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অসামৰিক খাদ্য যোগান নিগমৰ অধীনত ধান বনা মিল স্থাপন আঁচনিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে৷
বিভিন্ন চৰকাৰী আঁচনিৰ দৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অসামৰিক খাদ্য যোগান নিগমৰ অধীনত ধান বনা মিল স্থাপন আঁচনিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।
এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি অসামৰিক খাদ্য যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে অন্যান্য বিষয়ববীয়াসকল।
ৰাজ্যত শস্য উৎপাদন তথা উৎপাদিত শস্য চপোৱা আৰু তাৰ পাছৰ কামকাজ ত্বৰিৎ কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে গ্ৰহণ কৰা হৈছে এই আঁচনি৷ এই আঁচনিৰ অধীনত ধান বনা মিল স্থাপনৰ বাবে উদ্যোগীসকলক দুটা বিভাগত ক্ৰমে ১০ লাখ টকা আৰু ১৫ লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
ঘণ্টাত ১ টন ধান বানিব পৰা শক্তি থকা ১০০ টা মিলৰ বাবে ১০ লাখ টকাকৈ আৰু ঘণ্টাত ২ টন ধান বানিব পৰা ৭০টা মিলৰ বাবে ১৫ লাখ টকাৰ কেপিটেল ছাবচিডীৰ ব্যৱস্থা কৰা হৈছে এই আঁচনিৰ জৰিয়তে।












