বিশেষ প্ৰতিবেদন
অসমত নতুনকৈ কেইবাটাও ৰাজনৈতিক দলৰ জন্ম হৈছে বা হোৱাৰ পথত আগবাঢ়িছে৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম হ’ব ল’গা ৰাজনৈতিক দলটোৰ নাম অদ্যপৰিমিত ঘোষণা কৰা নাই৷
কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ৰাজনৈতিক দল গঠনৰ বাবে আগবাঢ়িল৷ কৃষক নেতা অখিল গগৈ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাচত এই ৰাজনৈতিক দলটোৱে চূড়ান্ত ৰূপত আত্মপ্ৰকাশ কৰিব৷ আনহাতে অৰূপ বৰবৰা আৰু অজিত কুমাৰ ভূঞাৰ নেতৃত্বত দুটাকৈ ৰাজনৈতিক দল গঠন হৈছে৷
মুঠৰ ওপৰত ৰাজ্যখনত নতুনকৈ চাৰি-পাঁচটা নতুন ৰাজনৈতিক দল এইবাৰ বিধানসভা নিৰ্বাচনৰ আগতে ভূমিস্থ হ’ব৷ এই সকলো ৰাজনৈতিক দলৰ সম্প্ৰতি লক্ষ্য বিজেপিক প্ৰতিহত কৰা৷ কিন্তু সম্প্ৰতি যি গতিত ৰাজনৈতিক দল গঠন হৈছে তাৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় কোনোটোৱেই বিজেপিৰ দৰে শক্তিশালী সাংগঠনিক ভেটি থকা দল এটাক পৰাস্ত কৰা সম্ভৱ নহ’ব৷
যিহেতু প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনত যুঁজ দিলে বিজেপিৰ ভোট বেংকত কিবা প্ৰভাৱ পেলাব পাৰিবনে? ইপিনে কংগ্ৰেছ, এআইইউডিএফ, বাওঁপন্থী আদিৰ লগতে ৰাজ্যখনত বহু কেইটা ৰাজনৈতিক দল আছে৷ ইয়াৰে গৰিষ্ঠ সংখ্যকে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনে ৰণত যুঁজ দিব৷
বিজেপিক পৰাস্ত কৰিবলৈ গৈ ৰাজনৈতিক দলবোৰ কিমান সফল হ’ব তাত সন্দেহৰ অৱকাশ আছে৷ কাৰণ বহুধাবিভক্ত ৰাজনৈতিক দলে বিজেপিৰ বিৰুদ্ধে যুঁজ কৰিবলৈ কি কৰ্মপন্থা হাতত ল’ব যাৰ জৰিয়তে জনসাধাৰণৰ মন জয় কৰিব পাৰিব?
মন কৰিব লগা যে অসমত সদ্য জন্ম হোৱা বা জন্ম হ’ব লগা ৰাজনৈতিক দলবোৰৰ কৰ্মপন্থা অদ্যপৰিমিত জানিব পৰা নাই৷ জনসাধাৰণক সংগ্ৰামী চিন্তাৰে নেতৃত্ব দিয়া সংগঠনবোৰে ৰাজনৈতিকভাৱে কি দৰে পদক্ষেপ আগবঢ়াব সেয়া সম্প্ৰতি জানিব পৰা নাই৷
উল্লেখ্য যে অসমৰ সংগ্ৰামী জনতাৰ একাংশই ইতিমধ্যে বিজেপিত যোগ দি আছে৷ বহু সংগ্ৰামী নেতাই বিজেপিত যোগ দিছে৷ ইয়াৰ লগে লগে নতুনকৈ আত্মপ্ৰকাশ কৰা বা কৰিব লগা ৰাজনৈতিক দলবোৰৰ বাবে বৃহৎ ক্ষতি হৈছে বুলি ক’ব পাৰি৷
মূলত নতুন ৰাজনৈতিক দলৰ প্ৰয়োজন আছে নে নাই সেয়া জনসাধাৰণৰ বিচাৰ্য বিষয়৷ কিন্তু বিজেপিৰ অশ্বমেধ যাত্ৰাক ৰোধ কৰাত ইমানবোৰ ৰাজনৈতিক দলৰ প্ৰয়োজন ক’ত? ইতিমধ্যে কংগ্ৰেছৰ ভোট বেংক বিজেপিয়ে ভাঙি তচনচ কৰিলে৷
তাৰ পাচত এইবোৰ ভোট বেংক বিজেপিৰ বাবে শক্তি হৈ পৰিল৷ এতিয়া প্ৰশ্ন হ’ল নতুন ৰাজনৈতিক দলবোৰে বিজেপিৰ ভোট বেংকত কি দৰে প্ৰৱেশ কৰিব? নে বিজেপিক ৰোধ কৰিবলৈ গৈ দলবোৰৰ মাজতে খোৱাকামোৰা কৰি থাকিব?












