ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : পাহাৰীয়া জিলা কাৰ্বি আংলঙত এইবাৰ বানপানীৰ সংহাৰী ৰূপ। যোৱা নিশা প্ৰায় চাৰে ৯ বজাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা সীমান্তঞ্চলত নামি আহে পানীৰ ঢল ৷ নিমিষতে বুৰাই পেলায় ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সীমামূৰীয়া এলেকাৰ বিস্তৃৰ্ণ অঞ্চল ৷
ভদিয়া বানৰ কৱলত ভাঙি পৰে এখন পকী দলং। যোৱা নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ সোঁতৰ ফলত ভাঙি পৰে পকী দলং খন। বোকাজানৰ খটখটীৰ চানদে বজাৰ , পুৰণা লাহৰিজানৰ বিভিন্ন অঞ্চলৰ লগতে ডিমাপুৰ সংযোগী পথৰ ওপৰত আছিল এইখন দলং। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগতে স্থিত এইখন দলং।
নাগালেণ্ডৰ পাহাৰত হোৱা প্ৰবল বৰষুনৰ ফলত বৈ অহা পানীৰ সোঁতৰ ধাৰ সহিব নোৱাৰি ভাঙি পৰে দলং খন। এতিয়া স্থানীয় ৰাইজে যাতায়তৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে।প্রায় ৫০০০ মানুহৰ ঘৰ সংযোগ কৰে এইখন দলঙে। আনহাতে এই সংহাৰী বানৰ কৱলত পৰিছে লাহৰিজান, বাছবাৰী, বালিজান, চানডে বজাৰ আৰু বিভিন্ন অঞ্চল ৷
বানৰ কৱলত পৰি বহুলোকে নিশা উজাগৰে কটোৱাৰ লগতে বহুতে আশ্ৰয় শিৱিৰৰ সন্ধানত আছে ৷ ইয়াৰোপৰি আজি পুৱাৰ ভাগত পানীত খেলি থকা অৱস্থাত বালিজান খান বস্তিৰ পৰা ৭ বছৰীয়া এটি শিশুক পানীৰ কোবাল সোঁতে উটুৱাই নিয়াৰ ফলত শিশুটিৰ সলিল সমাধি ঘটিল ৷
ইতিমধ্যে সলিল সমাধি ঘটা শিশু বালিজান খানবস্তিৰ ৰাজু আলীৰ ৭ বছৰীয়া শিশু সন্তান ছাকিবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে লগতে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত আমছু কাৰবি আংলং জিলা সমিতিৰ এক সঁজাতি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বুলি জানিব পৰা গৈছে ৷














