নিউজ ডেক্স:
নিশা হঠাৎ অসুস্থ হৈ পৰিছিল ক’ৰোণাত আক্ৰান্ত তৰুণ গগৈ।কোভিড–১৯ত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নিশা অক্সিজেনৰ হাৰ হঠাতে ৮৮ শতাংশলৈ কমি আহিছিল। লগে লগে গগৈক ১ ইউনিট প্লাজমা প্ৰদান কৰা হয়।
ক্ৰমাৎ সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। বৰ্তমান গগৈৰ অক্সিজেন লেভেল ৯৬ শতাংশ বুলি জনাইছে চিকিৎসকে। ক’ৰোণাত আক্ৰান্ত গগৈৰ সামান্য কাহৰ বাদে নাই আন লক্ষ্যণ।এই ঘটনাৰ পিছতেই GMCHত উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান গগৈৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে হিমন্ত বিশ্ব শৰ্মাই।












